ধাৰাবাহিক পত্ৰোপন্যাসঃ ৭ “ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত ০০০”
“ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০” — অৰুণাভ
———- সপ্তম খণ্ড ——–
নীলা,
আকাশখন চুবলৈ এদিন তুমি শৈশৱৰ চিনাকি পাহাৰটোত বগাইছিলা ৷ টিৰাপ সীমান্তৰ পাহাৰটো ৷ মনোমোহা খুনছাৰ সেই পাহাৰৰ টিলাটোত চিলা উৰুৱাইছিলা ৷ ফুটুকা ফুটুকী ফ্ৰকটো বগাই শৈশৱৰ সপোন এটাই পাহাৰটোৰ সেউজীয়াবোৰ, অৰণ্যৰ ৰহস্যময় উশাহবোৰক সাৱটিব খোজোতেই তুমি আহি পাইছিলা নদীৰ ঠিকনা এটা ৷ আকাশ, পাহাৰ, নদী ০০০ তোমাক বিচাৰি চলাথ কৰো ৷ পাহাৰ, নদীৰ বুকু ০০০ চিৰাচিৰ কৰো আকাশৰ বুকু, ডাৱৰৰ আভৰণ আঁতৰাও ৷ য’লৈকে গৈছো নদী- পাহাৰৰ লগে লগে আকাশৰ নিৰৱচ্ছিন্ন সমদল ০০০ !
ঐ০০০, তুমি পাহাৰ ভাল পোৱা ? মই পাহাৰৰ সেউজীয়াবোৰ, ডাঠ গভীৰ অৰণ্যবোৰৰ প্ৰেমিক ৷ তোমাৰ পাহাৰৰ আকাশত ওপঙি থকা ডাৱৰবোৰ ডাঠ সেউজীয়াবোৰত চুমি নামি আহে বৰষুণ হৈ ০০০! তোমাৰ কপালত মোৰ ওঠৰ স্পৰ্শই নমাই আনে চকুলোৰ নৈ ০০০ কাজলৰ ধেনুভিৰীয়া গৰাটো বগাই উঠি আহে এখন নৈ, দুগালৰ মসৃণ উপত্যকাত বিষণ্ণতাৰ পতাকা এখন লৈ ০০০ কঁপি থকা বাদামী লিপষ্টিকৰ ছাঁত জিৰাই নামি আহে শব্দৰ শিপাৰ সন্ধানত, ঢিপ ঢিপ ঢিপ ঢিপ ০০ ! মোৰ বাবে অহৰ্নিশে সাৰে ৰোৱা তোমাৰ বুকুৰ ঢিপ ঢিপ ঢিপ ঢিপ শব্দই সাৱটি উৰ্বৰা কৰিবলৈ এহালিচা চন পৰা পথাৰ !
বৰষুণ – ৰ’দৰ দিন উদযাপনৰ উদগ্ৰ নিচাই তোমাক সাৰে ৰাখেনে ? কপালৰ দগমগ জোনটোৱে
সূৰ্য্যৰ তপত চোলা পিন্ধেনে ? আৰু তোমাৰ বাদামী লিপষ্টিকৰ ভেলভেট ভেলভেট আভৰণে জুৰাই থকা দুটি ওঠ০০০০ ? মই শাওনৰ পথাৰত ৰ’দৰ চাবুকেৰে কোবাই দুহাত, দুবাহু, পিঠিত আঁকিছো জীৱনৰ কঠিন সংগ্ৰামৰ পট্ৰেইট ৷ কপালত ঘামৰ টোপালেৰে জীপাল কৰিছো শুকান পথাৰ ৷ জুয়ে পোৰা সোণৰ দৰে উজ্জ্বলিছে মোৰ মুখ ৷ আৰু তুমি ? ভৰ দুপৰৰ বকুলৰ ছাঁত, কেতিয়াবা শাওনৰ বকিয়াত ফুলাম ছাতিৰ ছাঁত আউজি উদযাপনৰ আখৰাতে উন্মুখ ০০০ ? তুমি চান বাৰ্ণৰ স’তে আপোচ কৰি ৰ’দৰ দিনৰ ওচৰত আত্মসমৰ্পণ কৰিছা আৰু মই সূৰ্য্যটোৰ উত্তপ্ত অঙঠাবোৰক ঘৰ্মাক্ত শৰীৰত সামৰি চেঁচা কৰাৰ অনুশীলন অব্যাহত ৰাখিছো ৷
ঐ০০০, দগমগ জোনটো লৈ নাহিবা দেই মোৰ শাওণৰ জকাইচুকলৈ ! তুমি সাৰে থাকা মাথো মোৰ অনুভৱৰ এহালিচা পথাৰতে নিয়ন লাইটৰ পোহৰ হৈ ! খেতিখোলা সামৰিলেই তোমাৰ দেশলৈ যাম ৷ এতিয়া মোক গলি গলি শাওণৰ পথাৰত শিপাবলৈ দিয়া শইচৰ সম্ভাৱনা হৈ ! ৰ’দৰ দিনবোৰ, সময়বোৰ শেষ হোৱাৰ খবৰ পালে আহিবা দেই মুঠি মুঠিকৈ চপাই নিবলৈ ! কুৱলীৰ আৱেশত আমি উদযাপন কৰিম আঘোণৰ সোণোৱালী দিন ! আহিবাই কিন্তু দেই ! বিৰিয়াৰ এমূৰে গুজি আনিম তোমাৰ কপালৰ জোনটোতকৈও ডাঙৰ ৰবাব টেঙা এটা ০০০ কচুপাতত নিমখ জলকীয়াৰ সতে ৰসাল হব আমাৰ কথোপকথন ০০০ নৰাৰ পেঁপাত মাতত সাৰ পাব ধুলিয়ৰী শৈশৱ ০০০!
নীলা, তুমি জোনাকৰ নিচাতেই থাকা বুৰ গৈ ৷ জোনাকত গলি গলি জোনাকী পৰুৱাৰ পাখিত সাৱটি উৰি যোৱা জোনবাইৰ দেশলৈ ৷ শাওণৰ পথাৰ সঁজাল ধৰিলে বহিমগৈ তোমাৰ চোতালত ৷ কাকিনি তামোলৰ মাজেৰে জুমি চাবা বুদ্ধ পূৰ্ণিমাৰ নিশা ০০ ৰ’দেৰে উদযাপনৰ দিনবোৰত উত্তপ্ত চাবুকৰ কোবে অঁকা জীৱন সংগ্ৰামৰ পট্ৰেইট জিলিকিলেই নামি আহিবা ০০ তোমাৰ ওঠৰ বাদামী লিপষ্টিকৰ আভৰণ আঁতৰাই ছাইৰঙী পট্ৰেইটত সানিবা জোনাকৰ ৰং ০০ চান বাৰ্ণৰ শংকাত আঁৰে আঁৰে সাৰে ৰোৱা তোমাৰ কপালৰ দগমগীয়া জোনটো ক্ষন্তেকৰ বাবে পিৰালিৰ এচুকত থৈ সূৰ্যত শাণিত তাম বৰণীয়া ওঠেৰে বগাম কপাল, দুগাল ০০০ !
ঐ শুনিছা ০০?? ইমান সঘন উশাহ – নিশাহ ? কি কলা ? মোৰ বুকুত জিৰাইছা ? ঢিপ ঢিপ ঢিপ ঢিপ আবেগ হেঁপাহবোৰ গণিছা আৰু তোমাৰ বুকুত সাঁচি গৈছা ? কোনোবাই কাঢ়ি লৈ যায় বুলি ভয় খাইছা ? ধেইট, তোমাৰ বাবেই প্ৰতিটো শব্দ, বৰ্ণ ০০ তোমাৰ বাবেই সাজিছো বৰ্ণ কূটীৰৰ প্ৰতিটো কোঠা ০০ প্ৰতিটো কোঠাত তোমাৰ হৃদয়লৈ তৰ্জমা কৰিছো মোৰ প্ৰেমৰ প্ৰতিটো গদ্য ! তুমি যে আকাশৰ কথা লিখিবলৈ কৈছিলা ! মেঘৰ কথা ! তেতিয়াৰে পৰা সাগৰৰ নীলাত জুকিয়াই আহিছো ভালপোৱাৰ জোৱাৰ ভাটা ! আকাশৰ পৰা সাগৰ, সাগৰৰ পৰা আকাশ ০০ পাহাৰ – নদী – বতাহ ০০ সকলোতেই তোমাকেই বিচাৰিছো ০০ তোমাৰ গুণ গুণ শব্দৰে লিখিছো ৷ নীলিম সলিল জলৰাশিয়ে চুমি যোৱা বলুকাত সজা প্ৰেমৰ বালিঘৰত তুমি খেলিছা —
“এইটো কাৰ ঘৰ, ৰজাৰ ঘৰ, ভাঙিম নে নেভাঙিম ? নেভাঙিবা ৷ কলি অচ বগী অচ ধেকেছ ৷ ”
নীলা, এদিন আকাশ চুবলৈ শৈশৱৰ চিনাকী পাহাৰটো বগাইছিলা, চিলা উৰুৱাইছিলা আৰু মোৰ আকাশখনলৈ চাই হাঁহিছিলা! পাহাৰৰ গভীৰ অৰণ্যৰ ছাঁত ফুটুকা ফুটুকী বনৰীয়া আৰ্কিড এজোপা হৈ আজিও ফুলি থকা শৈশৱ জুৰি এটাৰ স’তে নামি আহিব খোজে ! আৰু মোৰ আকাশৰ সেই হাঁহিটো ? আজিও বিচাৰে সামৰি ল’বলৈ, সাঁচি থবলৈ ! কিয় হায়ৰান কৰি ৰাখিছা অ’ত দিনে ? পাহাৰটোৰ দৰেই ভাল পোৱানে আজিও ? এবাৰ আহি কৈ যাবানে বাৰু “ পাহাৰৰ দৰেই তোমাৰ আকাশখনো মোৰ ” বুলি ? সূৰ্য্যাস্তক সাক্ষী কৰি পাহাৰৰ টিলাটোত বহিম আমি ! মই সাৰে আছো তোমাৰ স’তে সূৰ্য্যাস্তৰ সন্ধানত ৷ আহিবা দেই , হাঁহিটো দুচকুত লৈ ০০০ !!