Your Voice, Our Strength

ভগৱান শ্ৰীকৃষ্ণৰ জন্ম কেতিয়া আৰু কিমান দিন জীয়াই আছিল ? জানিবলৈ মন নাযায় নে …

আজিৰ খবৰ,৩০ আগষ্ট : আজি পৱিত্ৰ জন্মাষ্টমী ৷ জন্মাষ্টমী উপলক্ষে কৃষ্ণৰ জন্মস্থান উত্তৰ প্ৰদেশৰ মথুৰা-বৃন্দাবন, গোকুল-মহাবন, নন্দগাঁও-বৰষানা, গোৱৰ্ধন আদি চহৰৰ লগতে সমগ্ৰ দেশতে উলহ-মালহেৰে আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন কৰা হৈছে ৷ কৃষ্ণৰ বিনে গতি নাই কিন্তু আমি কিমানে জানো ভগবান শ্ৰীকৃষ্ণৰ জন্ম মৃত্যৰ কথা । আহকচোন পঢ়োঁ কৃষ্ণৰ কথা…..

শ্ৰীকৃষ্ণৰ জন্ম হৈছিল 5252 বছৰৰ আগেয়ে |

P&C

ইংৰাজী ১৮ জুলাই, খৃষ্টপূৰ্ব 3228ৰ ভাদ মাহৰ অষ্টমী তিথিৰ ৰোহিনী নক্ষত্ৰত মংগলবাৰৰ ৰাতি অৰ্থাৎ বুধবাৰে । শ্ৰীকৃষ্ণই ১২৫ বছৰ, ৮ মাহ, ৭ দিন জীৱন ধাৰণ কৰিছিল আৰু ইহলীলা সম্বৰণ কৰিছিল ১৮ ফেব্ৰূৱাৰী, ৩১০২ খৃষ্টপূৰ্বত ।

যেতিয়া শ্ৰীকৃষ্ণৰ ৮৯ বছৰ আয়ুস হৈছিল, তেতিয়া মহাভাৰতৰ যুদ্ধ হৈছিল | মহাভাৰতৰ যুদ্ধৰ 36 বছৰ পাছত কৃষ্ণই ইহলীলা সম্বৰণ কৰিছিল | কুৰুক্ষেত্ৰ যুদ্ধ খৃষ্টপূৰ্ব ৩১৩৯ ত মৃগশিৰা শুক্লা একাদশীত , অৰ্থাৎ খৃষ্টপূৰ্ব ৩১৩৯ ৰ ৮ ডিচেম্বৰত আৰম্ভ হৈ ২৫ ডিচেম্বৰত শেষ হৈছিল |খৃষ্টপূৰ্ব ৩১৩৯ ৰ ২১ ডিচেম্বৰৰ দিনা, দিনৰ ৩ বজাৰ পৰা ৫ বজালৈ সূৰ্যগ্ৰহণ হৈছিল , যিটো সময় জয়ড্ৰথৰ মৃত্যুৰ কাৰণ আছিল | খৃষ্টপূৰ্ব ৩১৩৮ ৰ ২ ফেব্ৰূৱাৰীত, উত্তৰায়ণৰ প্ৰথম একাদশীত মৃত্যু হৈছিল | কৃষ্ণক এইসমূহ ধৰণে আৰাধনা কৰা হয়-অসমত কৃষ্ণ ,মথুৰাত কৃষ্ণ কানহাইয়া, জগন্নাথত ওড়ি,মহাৰাষ্ট্ৰত বিথৱা,ৰাজস্থানত শ্ৰীনাথ,গুজৰাটত দ্বাৰকেশ্বৰ,কৰ্ণাটকত কৃষ্ণ উড়ুপী ,কেৰালাত গুৰুভায়ুৰাপ্পান বুলি আৰাধনা কৰা হয় ।কৃষ্ণৰ জন্মদাতা পিতৃ আছিল বাসুদেৱ, জন্মদাতা মাতৃ আছিল দৈৱকী । তোলনীয়া পিতৃ আছিল নন্দ । তোলনীয়া মাক আছিল যশোদা ।বৰ ককায়েক হ’ল বলৰাম আৰু ভগ্নী সুভদ্ৰা । কৃষ্ণ জন্ম হৈছিল মথুৰাত । কৃষ্ণৰ পত্নী আছিল ৰুক্মিনী, সত্যভামা, জম্বাৱতী, কালিন্দী, মিত্ৰবিন্দা, নগ্নজিতি, ভদ্ৰা আৰু লক্ষ্মণা । কৃষ্ণই জীৱনকালত মাত্ৰ ৪ জনক নিজহাতে মাৰিছে | সেই সকল হ’ল চানুৰ , (মল্লযুদ্ধা)

মোমায়েক কংস; শিশুপাল আৰু দন্তবক্ৰ ।

কৃষ্ণৰ জীৱনপথ মুঠেই মসৃন নাছিল | মাতৃ ‘উগ্ৰ’ বংশৰ আৰু পিতৃ ‘যাদব’ বংশৰ আছিল, অৰ্থাৎ আন্তৰ্জাতি বিবাহ হৈছিল | কৃষ্ণ কলা ৰঙৰ ছালৰে(কলীয়া কৃষ্ণ) হিচাপে উপজিছিল | সমগ্ৰ গকুলবাসীয়ে তেওঁত কলীয়া কানাই বুলি মাতিছিল |

কলা হোৱা বাবে, চাপৰ চুটি হোৱা বাবে আৰু তোলনীয়া হোৱা বাবে কৃষ্ণক বহুবাৰ উপলুঙা কৰিছিল আৰু জোকাইছিলো | কৃষ্ণৰ শৈশৱ কাল, জীৱনৰ প্ৰতি বহু ভাবুকি অহা পৰিস্থিতিৰে ভৰা আছিল | খৰাং’ আৰু ‘বনৰীয়া কুকৰনেজীয়া’ৰ বিভীষিকাৰ বাবে ৯ বছৰ বয়সতে ‘গকুল”ৰ পৰা ‘বৃন্দাবন’লৈ প্ৰবজন কৰিছিল |। বৃন্দাবনত কৃষ্ণই ১০ বছৰ 8 মাহ বয়সলৈকে আছিল | তেৰাই ১০ বছৰ ৮ মাহ বয়সতে মথুৰাত নিজৰ মোমায়েক কংসক বধ কৰি নিজৰ জন্মদাতৃ পিতৃ মাতৃক কাৰাগাৰৰ পৰা মুকলি কৰিছিল | তাৰ পাছত পুনৰ বৃন্দাবনলৈ কোনোদিনেই ঘূৰি যোৱা নাছিল | মথুৰাৰ পৰা দ্বাৰকালৈ কৃষ্ণই সিন্ধুৰাজ কালজবনৰ প্ৰত্যাহ্বানৰ বাবে প্ৰৱজন কৰিছিল |। কৃষ্ণই ‘জৰাসন্ধ’ক ‘বৈনাথেয়’ জনজাতি সকলৰ সহযোগত, গোমন্তক পৰ্বত(বৰ্তমানৰ গোৱা)ত পৰাজিত কৰিছিল | কৃষ্ণই দ্বাৰকাৰ পুনৰ্নিৰ্মান কৰিছিল | তাৰ পাছত কৃষ্ণই উজ্জয়িনীলৈ ১৬-১৮বছৰ বয়সত সন্দিপনীৰ আশ্ৰমলৈ বিদ্যা লাভৰ বাবে গৈছিল |

আফ্ৰিকাৰ জলদস্যুৰ লগত যুদ্ধ কৰি , প্ৰভাস সমুদ্ৰৰ ওচৰৰ পৰা অপহৰণ কৰি নিয়া তেওৰ গুৰুপুত্ৰ ‘পুনৰ্দত্ত’ক উদ্ধাৰ কৰিছিল | শিক্ষা সমাপ্ত কৰাৰ পাছত পাণ্ডৱৰ বনবাসৰ কথা শুনিছিল আৰু আহি ‘জতুগৃহ’ৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিছিল | তাৰপাছত পাণ্ডৱে দ্ৰৌপদীক বিবাহ কৰিছিল | এই সময়চোৱাত কৃষ্ণৰ এক বিশাল ভূমিকা আছিল |

তাৰ পাছত পাণ্ডৱক ইন্দ্ৰপ্ৰস্থ আৰু ৰাজ্য স্থাপন কৰাত সহায় কৰিছিল কৃষ্ণই । কৃষ্ণই দ্ৰৌপদীক লাঞ্চিত হোৱাৰ পৰা ৰক্ষা কৰিছিল | অজ্ঞাতবাসৰ সময়ত তেৰা পাণ্ডবৰ কাষত ঠিয় দিছিল |

কৃষ্ণই পাণ্ডবৰ লগত থাকি কুৰুক্ষেত্ৰ যুদ্ধ বিজয় সম্ভৱ কৰি তুলিছিল |দ্ৰাৰকা নগৰী সমুদ্ৰই উটাই নিয়া কৃষ্ণই দেখি আছিল । দাতিয়লীয়া হাবিত কৃষ্ণৰ এজন চিকাৰীৰ হাতত(জৰা নামৰ)মৃত্যুবৰণ কৰে | কেতিয়াও কোনো যাদুআশ্বৰ্য কৰা নাছিল |কৃষ্ণৰ জীৱন সফল জীৱন নাছিল |সমগ্ৰ জীৱন জুৰি কোনো মুহূৰ্ততেই শান্তিৰে থাকিব পৰা নাছিল |প্ৰতিটো মুহূৰ্ততে তেওঁৰ ডাঙৰৰ পৰা ডাঙৰ প্ৰত্যাহ্বান আছিল | দায়বদ্ধতাতে সৈতে প্ৰত্যেকৰে লগতে আৰু সকলোবোৰৰে মুখামুখি হৈছিল, কিন্তু তথাপিও সংলগ্ন নোহোৱাকৈ থাকিছিল | তেওঁ একমাত্ৰ ব্যক্তি , যিয়ে অতীত আৰু ভৱিষ্যত জানিছিল, তথাপি তেওঁ সদায় বৰ্তমান ক্ষণত বাস কৰিছিল | তেওঁ আৰু তেওঁৰ জীৱন সঁচাকৈ প্ৰত্যেক মানুহৰ বাবে এক প্ৰকৃত উদাহৰণ । উত্তৰ প্ৰদেশৰ নিধি বন বুলি এখন ঠাইত বৰ্তমানেইও ৰাধা কৃষ্ণ জীয়াই আছে বুলি বিশ্বাস কৰা হয় । সেই ঠাইত থকা নিধি বনৰ ৰাধা কৃষ্ণৰ মন্দিৰত নিশা অলৌকিক ঘটনা সংঘটি হয় । জন বিশ্বাস মতে নিশা ৰাধা কৃষ্ণই সেই মন্দিৰত ৰাস লীলা কৰে আৰু বনত থকা এবিধ সেইজীয়া বনে নিশা হোৱাৰ লগে লগে গোপী হৈ নৃত্য কৰে বুলি বিশ্বাস কৰে । নিশা হোৱা লগে লগে সেই অঞ্চলত আজিও কোনো মানুহ সোমাব নোৱাৰে । মানুহে নহয় তাত থকা অসংখ্য বান্দৰ নিশা হলেই সেই স্থান ত্যাগ কৰে ।

You might also like