Your Voice, Our Strength

আৰম্ভ হৈছে সাংবাদিক আৰু সংবাদ কৰ্মীক থিতাতে গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়া।

আজিৰ খবৰ , গুৱাহাটী, ৩১ আগষ্ট : অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) কার্যালয়ে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে দিনে নিশাই সেৱা আগবঢ়াই অহা সাংবাদিক আৰু সংবাদ কৰ্মী সকলক আজিৰে পৰা থিতাতে গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আজি জিলা পৰিবহণ বিষয়া কাৰ্যালয় চৌহদত থকা হোণ্ডা ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰৰ সহযোগত এই উপলক্ষে জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞা ) গৌতম দাসে আঁত ধৰা অনুষ্ঠানত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিব ধ্ৰুৱ মহন্ত , প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ , জ্যেষ্ঠ সাংবাদিকদ্বয় প্ৰণয় বৰদলৈ আৰু মনোজ কুমাৰ নাথ উপস্থিত থাকে । আনহাতে চমু ভাষণত ধ্ৰুৱ মহন্তই সংবাদ মাধ্যমৰ লগত জড়িত লোক সকলৰ বাবে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে গ্ৰহণ কৰা এনে ধৰণৰ প্ৰয়াসৰ বাবে জিলা পৰিবহণ বিষয়া গৌতম দাসৰ শলাগ লয় । আনহাতে সঞ্জীৱ নাৰায়ণে চমু ভাষণত যদি কোনো সংবাদ কৰ্মীয়ে ব্যৱসায়িক ভিত্তিত টাটা কোম্পানীৰ বাহন চলাব বিচাৰে তেন্তে তেওঁলোকৰ ডীলাৰ্চত কোম্পানীৰ মূল্যত বাহন প্ৰদান কৰিব বুলি ব্যক্ত কৰি এইক্ষেত্ৰত কেৱল গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা এখন পত্ৰ অনুমোদন কৰি আনিলেই হল বুলি ব্যক্ত কৰে । তেনেদৰে প্ৰণয় বৰদলৈ আৰু মনোজ কুমাৰ নাথেও চমু ভাষণত সাংবাদিক – সংবাদ কৰ্মীৰ বাবে আগবঢ়োৱা এনে ধৰণৰ সুবিধা গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ সংবাদ মাধ্যমৰ লগত জড়িত লোক সকলক আহ্বান জনায় । আনহাতে অনুষ্ঠানত উপস্থিত আবেদনকাৰী সংবাদ কর্মী সকলৰ মাজৰ পৰা আজি প্ৰথম দিনটোত পৰীক্ষণৰ অন্তত ১০ জনক শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয় । অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াদ্বয় হিমাংশু দাস আৰু ৰফিকুল ইছলামিক , যান বাহন পৰিদৰ্শক জয়সিং ৰংফাৰ উপস্থিত থাকে । ইফালে জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে এই পৰ্যন্ত অনলাইনযোগে ৬১ জনতকৈ অধিক সংবাদ কৰ্মীয়ে গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছে । অহা কেইদিনত প্ৰতিদিনে ১০ জনক শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান কৰা হব ।

P&C
You might also like