Your Voice, Our Strength

অৱশেষত বিজেপিত যোগদান কৰিলে এ আই ইউ ডি এফৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে।

আজিৰ খবৰ,গুৱাহাটী, ১ ছেপ্টেম্বৰ : এ আই ইউ ডি এফ ত্যাগ কৰিয়েই বিজেপিত যোগদান ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰৰ৷ মঙলবাৰে এ আই ইউ ডি এফৰ পৰা পদত্যাগ কৰিছিল ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে৷ বিজেপিত যোগদানৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পুৱাই মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসত সাক্ষাৎ কৰি আনুষ্ঠানিক ভাৱে যোগদান কৰে বিজেপিত । উল্লেখ্য যে ফণী তালুকদাৰক কাষত বহুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে, “এটা বেদনা আঁতৰি গ’ল৷অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খগেশ্বৰ তালুকদাৰৰ ভৱানীপুৰৰ পৰা এ আই ইউ ডি এফ জিকি থকাতো দুখৰ কথা আছিল৷ ফণী তালুকদাৰ এইবাৰ বিজেপিৰ টিকটৰে নিৰ্বাচন খেলি বিধানসভালৈ আহিব৷ বিজেপিৰ নীতি আদৰ্শইও আকৃষ্ট কৰাৰ কথা কয় ফণী তালুকদাৰে ।তালুকদাৰে কয় মই ২০২১ত বিজেপিৰ পৰা টিকট বিচাৰিছিলো, নাপালো৷চৰকাৰী পক্ষৰ বিধায়ক হ’লে সমষ্টিবাসীৰ লাভ হয়৷ শাসকীয় পক্ষত থাকি সমষ্টিৰ উন্নয়ন কৰিবলৈ মই সমষ্টিৰ উন্নয়নৰ বাবেহে বিজেপিলৈ আহিছো। এ আই ইউ ডি এফক মই সাম্প্ৰদায়িক বুলি নকওঁ কিন্তু তাত ৯৮ শতংশই এক বিশেষ সম্প্ৰদায়ৰ লোক। কিন্তু কংগ্ৰেছতকৈ এ আই ইউ ডি এফত বহু উচ্চ চিন্তা সম্পন্ন লোক আছে।

P&C
You might also like