Your Voice, Our Strength

গুৱাহাটীত চাঞ্চল্য : দিন দুপৰতে কোনে হত্যা কৰিলে ১৪ বছৰীয়া কিশোৰীক।

প্ৰেচাৰ-কুকাৰ আৰু পটাগুটিৰে মৰিয়াই হত্যা।

আজিৰ খবৰ, গুৱাহাটী, ১আগষ্ট : কিমান নৃশংস হ’ব লাগিব মানুহ । মানুহ মৰা উদ্দেশ্য কিমান জঘন্য হুলে পটাগুটিৰে মৰিয়াই মৰিয়াই হত্যা কৰিব পাৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীক । এই ঘটনা সংঘটিত হৈছে উজান বজাৰত । উজানবজাৰস্থিত এটি ভাড়া ঘৰত ৰাজস্থানৰ এটি পৰিয়ালে ঘৰ ভাড়া লৈ ব্যৱসায়ী কৰি আছিল । দিন দুপৰতে এই ভাড়াঘৰটোতেই সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ডটো । নিজ গৃৃহতে এগৰাকী ১৪ বছৰীয়া কিশোৰীক প্ৰেচাৰ-কুকাৰ আৰু পটাগুটিৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে অচিনাক্ত দুৰ্বৃত্তই। জানিব পৰা মতে হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰত অকলশৰে আছিল কিশোৰীগৰাকী। কিশোৰীগৰাকীৰ নাম ডিম্পল কুমাবট বুলি জানিব পৰা গৈছে । গুৱাহাটী ক্লাৱৰ স্কুল এঞ্জেলচ অফ গডচৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী পৰিয়ালৰ সৈতে প্ৰায় ১০ বছৰধৰি উজান বজাৰৰ ভাড়াঘৰত আছিল। হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰতে অনলাইন ক্লাচত ব্যস্ত আছিল ডিম্পল। ইতিমধ্যে মৃতদেহৰ কাষত পতা গুটি আৰু প্ৰেচাৰ কুকাৰত লাগি থকা তেজৰ দাগ দেখিবলৈ পোৱা গৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়াৰ লগতে কোনো দুৰ্বৃত্তই চুৰীয়ে আঘাত কৰিছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে । ইফালে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ইতিমধ্যে কোনে নৃশংস ভাবে দিন দুপৰতে কিশোৰী গৰাকীক হত্যা কৰিলে শ্ৰীঘেই অনুসন্ধানত পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ।

You might also like