Your Voice, Our Strength

৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব শিক্ষানুষ্ঠানৰ পাঠদান।

শিক্ষাৰ্থীয়ে কমেও এপালি প্ৰতিষেধক লোৱাটো বাধ্যতামূলক।

আজিৰ খবৰ, গুৱাহাটী, ১ ছেপ্টেম্বৰ : ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব শিক্ষানুষ্ঠানৰ পাঠদান । বুধবাৰে ঘোষণা কৰা নতুন এছ অ পি অনুসৰি কাইলৈৰ পৰা প্ৰথম তিনিদিনত এই শিক্ষানুষ্ঠানসমূহৰ অধ্যাপক-শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী (১৮ বছৰ ঊৰ্দ্ধৰ) সকলে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুনিশ্চিত কৰাৰ উপৰি শিক্ষানুষ্ঠান চৌহদ তথা শ্ৰেণীকোঠাৰ পৰিষ্কাৰ-পৰিচ্চন্নতাৰ লগতে বীজাণুনাশনৰ ব্যৱস্থা কৰিব লাগিব। শ্ৰেণীকোঠাত পাঠদান প্ৰক্ৰিয়া অহা সোমবাৰ অৰ্থাৎ ৬ চেপ্তেম্বৰ ২০২১ৰ পৰাহে আৰম্ভ কৰিব পাৰিব। স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান পৰ্ব মুকলি অনুমতি প্ৰদান কৰা হৈছে । অৱশ্যে একোটা শ্ৰেণীকক্ষত সৰ্বাধিক ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে একেলগে পাঠগ্ৰহণ কৰিব পাৰিব। শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুসৰি প্ৰয়োজন হোৱাকৈ অতিৰিক্ত শ্ৰেণীকক্ষৰ ব্যৱস্থা কৰিব। স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কমেও এপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত ১৮ বছৰৰ অনুৰ্দ্ধ ছাত্ৰ-ছাত্ৰীসকলে ক’ভিড প্ৰতিষেধক অবিহনেই শ্ৰেণীকোঠাত পাঠগ্ৰহণ কৰিব পাৰিব যদিও ইতিমধ্যে ১৮ বছৰ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে ক’মেও এপালি প্ৰতিষেধক ল’লেহে শ্ৰেণীকোঠালৈ আহিব পাৰিব। স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষ, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ এই পাঠদানৰ বাবে হোষ্টেল সমূহ মুকলি কৰিব পাৰিব । অৱশ্যে কেৱল দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা ছাত্ৰ-ছাত্ৰীয়েহে হোষ্টেলত থাকিব পাৰিব।

You might also like