Your Voice, Our Strength

৪০ শতাংশলৈ হ্ৰাস কৰা হ’ব নৱম- দশম শ্ৰেণীৰ পাঠ্যক্ৰম সংশোধীত পাঠ্যক্ৰম।

অসম মাধ্যমিক শিক্ষা সংসদৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

আজিৰ খবৰ, গুৱাহাটী, ২ছেপ্টেম্বৰ : ২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম প্ৰায় ৪০ শতাংশলৈ হ্ৰাস কৰিছে ছেবা’ই ।

এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম মাধ্যমিক শিক্ষা সংসদে । শিক্ষা সংসদৰ No. SEBA/AB/NOTIFI 06/2018/25 এক নিৰ্দেশনাৰ জৰিয়তে এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে।পত্ৰ নং ASE.1214/2017pt/50 ত শিক্ষা সংসদে উল্লেখ কৰিছে যে বিগত এপ্ৰিল মাহৰ তৃতীয় সপ্তাহৰ পৰাই ক’ভিড সংক্ৰমণৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে।অনলাইন মাধ্যমেৰে পাঠ্যক্ৰম চলি আছিল যদিও বহু শিক্ষাৰ্থীয়ে বিভিন্ন কাৰণত এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব নোৱাৰিলে।। সেয়েহে এনে পৰিস্থিতিত শিক্ষা সংসদে ২০২১-২২ বৰ্ষৰ পাঠ্যক্ৰম হ্ৰাস কৰাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।সেই অনুসৰি পাঠ্যক্ৰমৰ প্ৰতিটো বিষয়ত ২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৪০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা হ’ব।

P&C

সংশোধীত পাঠ্যক্ৰম ছেবাৰ ৱেব ছাইট www.sebaonline.org ত উপলব্ধ হোৱাৰ লগতে

সংশোধিত পাঠ্যক্ৰম সংশ্লিষ্ট বিদ্যালয়সমূহৰ সকলো পৰিদৰ্শকক পিডিএফত প্ৰদান কৰা হ’ব বুলি শিক্ষা সংসদে জানিবলৈ দিছে ।

You might also like