Your Voice, Our Strength

পৰিবহন বিষয়া কাৰ্যালয়ৰ অভিলেখ :৭৭ কৌটিতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ।

আজিৰ খবৰ, গুৱাহাটী, ২ ছেপ্টেম্বৰ : অসম চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) কাৰ্যালয়ে ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চলি থকা সান্ধ্য আইন , আৰু ৰোগৰ ভয়াবহতা স্বত্বেও চলিত , ২০২১ – ২২ বিত্তীয় বর্ষৰ প্ৰথম পাঁচটা মাহ অৰ্থাৎ এপ্ৰিলৰ পৰা আগস্টলৈ ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ৭৭,৭২,৫৫,৬৬২.০০ কৌটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । ক’ভিডে জুৰুলা কৰা ৰাজ্যখনৰ পৰিবহন খণ্ডটোৰ বাবে এক ইতিবাচক দিশ বুলি বিবেচিত হৈছে । কিয়নো ক’ভিডৰ বাবে ২০২০ – ২১ বর্ষৰ দৰে চলিত ২০২১ -২২ বৰ্ষটোতো পৰিবহন খণ্ডটোৰ পৰিকাঠামটো প্ৰায় ভাঙি পৰিছে । প্ৰায় চাৰি মাহ ধৰি আন্তঃ জিলা যাতায়ত বন্ধ হৈ থকাৰ পাছত পহিলা ছেপ্টেম্বৰৰ পৰাহে ৰাজ্যত যাত্ৰীবাহী যানবাহনৰ চলাচল আৰম্ভ হৈছে । কামৰূপ মহানগৰ জিলাৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) জিলা পৰিবহন বিষয়া গৌতম দাসে সদৰি কৰা অনুসৰি ক’ভিডৰ ভয়াবহতা স্বত্তেও কাৰ্যালয়ৰ যান বাহন পৰিদর্শক , প্ৰৱৰ্তক পৰিদৰ্শক আৰু সমূহ কৰ্মচাৰীৰ সমূহীয়া প্ৰষ্টেটাত কভিডৰ প্ৰত্যাহ্বান নেওচিও কাম কৰা বাবে বিগত পাঁচটা মাহত ৭৭.৭২ কৌটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পৰা গৈছে । সমান্তৰালভাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিবহণকে ধৰি ৰাজহ সংগ্ৰহকাৰী বিভাগ সমূহক সুৰুঙা নৰখাকৈ ৰাজহ সংগ্ৰহ কৰা কামত আত্মনিয়োগ কৰিবলৈ জনোৱা আহ্বানৰ আঁত ধৰি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰিবহণ বিষয়াক ভি ডি অ কনফাৰেনসিং যোগে ৰাজহ সংগ্ৰহ ব্যৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিছিল । পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই যোৱা জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা মহানগৰ জিলাৰ যান বাহন পৰিদৰ্শক , প্ৰৱৰ্তক সকলে জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত আৰু কেবাটাও গোটত ভাগ ভাগকৈ বছৰ বছৰ ধৰি বিভাগক ৰাজহ আদায় নিদিয়াকৈ থকা বিভিন্ন বহুজাতিক কোম্পানী , ট্ৰেন্সপোৰ্ট এজেন্সি আদিত গৈ যাবতীয় বা অনাদায়ী ৰাজহ আদায় দিয়াৰ বাবে সজাগতা অভিযান আৰম্ভ কৰে । কৰ আদায় নিদিয়া বাহনৰ পৰা জৰিমনা বিহা হব বুলিও অভিযানকাৰী দলে সতৰ্ক কৰি দিয়া হয় । অভিযানত কামৰূপ মহানগৰ জিলাৰ আন দুজন জিলা পৰিবহন বিষয়া ৰফিকুল ইছলাম আৰু হিমাংশু কুমাৰ দাসৰ লগতে যান বাহন পৰিদর্শক , প্ৰৱৰ্তক পৰিদর্শক , সহ পৰিদর্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলেও ভাগ লৈছিল । ফলত তেনে বহুজাতিক কোম্পানী বা ট্ৰেন্সপোৰ্ট এজেন্সিয়ে ৰাজহ আদায় দিবলৈ আগবাঢ়ি অহাত কেৱল জুলাই মাহতে অভিলেখ পৰিমাণৰ ১৮,৯৮,৩৪,৭৭.০০ কৌটি টকাৰ ৰাজহ সংগ্ৰহ হয় । তেনেদৰে আগষ্ট মাহত সংগ্ৰহ কৰা হয় ১৯,৬৪,৮১,৪৪০.০০ কৌটি টকাৰ ৰাজহ । বিগত বর্ষৰ আগষ্ট মাহত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ১৫,৬৫,৫৮,১৬১.০০ টকা । তেনেদৰে চলিত বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩১ আগষ্ট পৰ্যন্ত মুঠ সংগ্ৰহীত ৰাজহৰ পৰিমাণ হল ৭৭,৭২,৫৫,৬৬২.০০ কৌটি টকা । বিগত বৰ্ষৰ একে সময়চোৱাত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৪২,০১,১৭,৯১১.০০ কৌটি টকা । অৰ্থাৎ বিগত বৰ্ষৰ পাঁচটা মাহৰ তুলনাত এইবেলি ৩৫.৭১ কৌটি টকাতকৈ অধিক ৰাজহ সংগ্ৰহ হৈছে । এই বৃদ্ধিৰ পৰিমাণ হল প্ৰায় ১২৫ শতাংশ । উল্লেখযোগ্য যে ৰাজহ সংগ্ৰহ অভিযানৰ সমান্তৰালভাৱে কাৰ্যালয়ৰ ফালৰ পৰা বিভিন্ন এন জি অৰ সহযোগত গুৱাহাটীৰ কেবাটাও ৰাজপথত চলাচল কৰা চিটিবাছ আদিৰ চালক , পৰিচালক , হেণ্ডিমেন আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ বাবে ক’ভিড প্ৰতিৰোধী ভেকচিন প্ৰদান শিবিৰ অনুষ্ঠিত কৰা হৈছে বুলি জিলা পৰিবহণ বিষয়া গৌতম দাসে সদৰি কৰিছে । একেদৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশনা অনুসৰি এইবেলি উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী , চিকিৎসক , স্বাস্থ্যকর্মী , সেনা বাহিনীৰ লোক , সংবাদ মাধ্যমৰ লগত জড়িত , সাংবাদিক , সংবাদকর্মী সকলক থিতাতে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি থকা হৈছে । একেদৰে পথ সুৰক্ষা সজাগতাৰ বাবে বিশেষ অভিযানো আৰম্ভ কৰা হৈছে ।

P&C
You might also like