আমৰণ অনশনত বহিল বিষ্ণুপ্ৰিয়া মণিপুৰী ইউনাইটেড ইয়ুথ অৰ্গেনাইজেশ্যন।
আজি ৰাতিপুৱা ৫ বজাৰ পৰাই আমৰণ অনশনত বহিল বিষ্ণুপ্ৰিয়া মণিপুৰী ইউনাইটেড ইয়ুথ অৰ্গেনাইজেশ্যন।
আজিৰ খবৰ, গুৱাহাটী, ২ ছেপ্টেম্বৰ : বিষ্ণুপ্ৰিয়া মণিপুৰীসকলক কেন্দ্ৰীয় OBC ৰ তালিকাত অন্তৰ্ভুক্তিৰ কৰাৰ দাবীৰে আমৰন অনশন মণিপুৰী ইউনাইটেড ইয়ুথ অৰ্গেনাইজেশ্যনৰ ।
বিষ্ণুপ্ৰিয়া মণিপুৰীসকলক কেন্দ্ৰীয় OBC ৰ তালিকাত অন্তৰ্ভুক্তি কৰাৰ দাৱীৰে আজি পুৱা ৫ বজাৰে পৰা গুৱাহাটী মহানগৰীৰ চচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীত আমৰণ অনশনত বহে বিষ্ণুপ্ৰিয়া মণিপুৰী ইউনাইটেড ইয়ুথ অৰ্গেনাইজেশ্যনৰ সদস্য সকলে। বিষ্ণুপ্ৰিয়া মণিপুৰী ইউনাইটেড ইয়ুথ অৰ্গেনাইজেশ্যনৰ সভাপতি শিৱ শৰ্মাই সংবাদমাধ্যমৰ আগত কয় যে, আমাৰ দাৱী চৰকাৰে মানিবই লাগিব। এয়া আমাৰ ন্যায্য দাৱী। চৰকাৰে আমাৰ দাৱী মানি নলোৱা পৰ্যন্ত আমি প্ৰতিবাদ কৰি যাম।