আজিৰ খবৰ, গুৱাহাটী, ২ছেপ্টেম্বৰ : পুনৰ ৰিঙত নামিবলৈ সাজু লৌহ কন্যা লাভলীনা। ৪ ছেপ্টেম্বৰৰ পৰা ৰিঙত নামিব লাভলীনাই । অলিম্পিকত ব্ৰঞ্জ দখল কৰাৰ পাছত পুনৰ ন ন পদক অৰ্জন কৰাৰ লক্ষ্যৰে অসমৰ অম্পিয়ান লাভলীনা সম্পূৰ্ণ সাজু হৈ উঠিছে । উল্লেখ্য যে বক্সিঙৰ ৰিঙত বিশ্ব জিনা লাভলীনাক
গড়চুকতস্থিত ৰোড ৰাইডাৰ্ছৰে উপহাৰ স্বৰূপে নাইনটি ওৱান ব্ৰেণ্ডৰ বিলাসী এখন চাইকেল উপহাৰ দিয়ে ডিলাৰ কৰ্তৃপক্ষই। চাইকেল উপহাৰ গ্ৰহণ কৰি লাভলীনাই শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ সকলোকে চাইকেল চলাবলৈ পৰামৰ্শ দিয়ে। আনফালে, অধিক সম্বৰ্ধনা অনুষ্ঠানে লাভলীনাক অনুশীলনত ব্যাঘাত জন্মাইছে বুলিও কয় লাভলীনাই। অনুশীলনৰ বাবে অহা ৩ ছেপ্টেম্বৰতে অসম এৰিব লাভলীনা বৰগোহাঁয়ে।
ইপিনে অসম চৰকাৰে প্ৰদান কৰা ডি এছ পি চাকৰি গ্ৰহণ কৰিলেও বিশেষকৈ নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব বুলি মন্তব্য কৰে লাভলীনাই।