Your Voice, Our Strength

ঘৰ এৰিলে লাভলীনাই : লক্ষ্য পেৰিছ অলিম্পিকৰ স্বৰ্ণ জয়।

আজিৰ খবৰ, গুৱাহাটী, ৩ছেপ্টেম্বৰ : আজি ঘৰ এৰি অনুশীলনস্থলীলৈ ৰাওনা হৈছে অলিম্পিয়ান লাভলীনা। টকিঅ’ অলিম্পিকত মহিলা বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে দেশবাসীৰে হৃদয় জিনা অসমৰ লৌহকন্যা লাভলীনাই পুনৰ সাজু হৈছে ৰিঙত নামিবলৈ । ২০২৪ ত অনুষ্ঠিত হ’বলগীয়া পেৰিছ অলিম্পিকত স্বৰ্ণ জয় কৰাৰ লক্ষ্যৰে ৰাওনা হ’ব লাভলীনা ।ঘৰ এৰাৰ পূৰ্বে মাতৃৰ চকুলো দেখি পুনৰ আৱেগিক হৈ পৰিল লাভলীনা বৰগোহাঁই। লাভলীনাই মাতৃক সাৱটি ধৰি আবেগিক হৈ পৰাৰ সময়তে ঘৰ এৰাৰ পূৰ্বে অঞ্চলটোৰ ভালেমান কণকণ ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় কৰে লাভলীনাই। অসম চৰকাৰে প্ৰদান কৰা ডি এছ পি চাকৰি গ্ৰহণ কৰিলেও নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব বুলি মন্তব্য কৰে লাভলীনাই।ইফালে

অধিক সম্বৰ্ধনা অনুষ্ঠানে লাভলীনাক অনুশীলনত ব্যাঘাত জন্মাইছে বুলিও মন্তব্য কৰিছে লৌহ কন্যা লাভলীনাই । উল্লেখ্য যে সময়তকৈ আগতে গৈ অনুশীলনত যোগদান কৰিব বুলি লাভলীনাই সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে । দেশবাসীৰ লগতে অসমৰ ৰাইজে আশা কৰিছে আগন্তুক পেৰিছ অলিম্পিক ২০২৪ ত স্বৰ্ণ অৰ্জনেৰে দেশৰ লগতে অসমৰ নাম বিশ্বত উজলাই তুলি ইতিহাস ৰচনা কৰক । সমগ্ৰ দেশবাসীয়ে এতিয়া লাভলীনাক জনাইছে শুভকামনা ।

P&C

You might also like