Your Voice, Our Strength

নুনমাটিত ড্ৰাগছ সহ এজন সৰবৰাহৰকাৰী গ্ৰেপ্তাৰ।

আজিৰ খবৰ, গুৱাহাটী, ৩ ছেপ্টেম্বৰ: ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে উত্তৰপূবৰ মুখ্য দুৱাৰ গুৱাহাটীত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । মহানগৰ আৰক্ষীয়ে পূৰ্বতকৈ অধিক তীব্ৰতৰ কৰি তুলিছে এই অভিযান । নিষিদ্ধ ড্ৰাগছৰ কলা বেহা উৎখাট কৰাৰ লক্ষ্যৰে মহানগৰীৰ ভিন্ন প্ৰান্তত ব্যাপক অভিযান চলোৱাৰ লগতে সফলতাও লাভ কৰিছে আৰক্ষীয়ে ৷শুকুৰবাৰে মহানগৰ আৰক্ষীয়ে এক অভিযান চলাই নুনমাটিত এজন ড্ৰাগছ সৰহবৰাহীক গ্ৰেপ্তাৰ কৰে ।

এক গোপন সূত্ৰ পম খেদি নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নুনমাটি বিজয় নগৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ আসক্ত জনক ৷ অভিযান কালত বিজয় নগৰৰ হাউচ নং ১২ ৰ পৰা গ্ৰেপ্তাৰ কৰে হিৰণ্য কুমাৰ দাস নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক ।অভিযান কালত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ সহ ৭ টা খালি কনটেইনাৰ, দুটা চাবুনৰ বাকচ আৰু এটা মোবাইল ফোন ।

P&C

আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা মতে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি নুনমাটিৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ অবাধ বেহা চলাই আহিছিল ধৃত হিৰণ্য কুমাৰ দাসে । নুনমাটি আৰক্ষীয়ে সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰীটোক অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে ৷ তদুপৰি হিৰণ্য কুমাৰ দাসে চলাই অহা ড্ৰাগছৰ বেহাৰ লগত এটা বৃহৎ চক্ৰ জড়িত থকা সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে

You might also like