Your Voice, Our Strength

কোনে চান্দা তুলিবলৈ হিৰ’ হ’ব খুজিছে ?

মুখ্যমন্ত্ৰীয়ে কাক কটাক্ষ কৰিলে ....?

আজিৰ খবৰ, গুৱাহাটী, ৪ ছেপ্টেম্বৰ : বঙালী সম্প্ৰদায়ক লৈ বিতৰ্কিত মন্তব্য কৰি সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হোৱা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক কেন্দ্ৰ কৰি এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে । কথাৰ মাজতে নাম নোকোৱাকৈ বীৰ লাচিত সেনাৰ শৃংখল চলিহাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰে । তেওঁ কয় কোনোবাই থানাত গোচৰ ৰুজু হওক আৰু গ্ৰেপ্তাৰ হওক বুলি ভাবিয়েই কোনোবা জাতিক গালি পাৰি দিয়ে।যাতে তেওঁ নেতা হ’ব পাৰে। তাৰ সুযোগ লৈ দুটা জাতিৰ মাজত কাজিয়া-পেচাল আৰম্ভ হ’ব আৰু এনেবোৰ মন্তব্যৰ জৰিয়তে ভৱিষ্যতে চান্দা তুলিবৰ বাবে মানুহ কিছুমানে হিৰো হ’ব খোজে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে,”“অসমখন উন্নতিৰ পথত আগবাঢ়িছে।মহাত্মা গান্ধীয়ে কোৱাৰ দৰে বেয়া কথা শুনিব নালাগে, বেয়া বস্তু চাব নালাগে আৰু বেয়া কথা ক’ব নালাগে।

P&C

ছ’চিয়েল মিডিয়াত কোনোবাই বেয়া কথা এটা লিখিলে তাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কোৱা মানুহজনে চাই ভাল পায়। সংবাদ মাধ্যমেও বেয়া কথাবোৰ প্ৰচাৰ কৰিব নালাগে।তেতিয়া বেয়া কথা কোৱা মানুহবোৰে নিজেই নিজেই পৰাজয় স্বীকাৰ কৰিব।

You might also like