Your Voice, Our Strength

ধাৰাবাহিক পত্ৰোপন্যাসঃ ৮ “ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০”

ধাৰাবাহিক পত্ৰোপন্যাসঃ ৮
“ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০”
————- অৰুণাভ
———– অষ্টম খণ্ড_________

নীলা,
নদীখনৰ কাষলৈ গৈছিলো আজি সন্ধিয়া ৷ চিনাকি ঘাটটোক সাৱটি বিচাৰিছিলো সেই সুঘ্ৰাণ ৷ কাইলৈ পুৱাই কিছুদিনৰ বাবে আকৌ অচিনাকি হৈ পৰিব কিজানি ঘাটটো ৷ মই নাথাকিলে তোমাৰ স’তে কথোপকথনত বিলীন হৈ যাবনে সন্ধিয়াটো চিনাকি ঘাটত ? সুধিবলৈ গৈছিলো ইয়াকে ৷ কাইলৈ পুৱাই নামনিৰ ৰেলগাড়ীখনত নিৰুদিষ্ট হ’ব তোমাৰ প্ৰেমিক কবি ! তোমাক খবৰ দিবগৈ চাগে ভটীয়নী সুৰ এটাই, চৈ দিয়া নাওখনতে সাৱটি যোৱা সুৰ এটাই ৷ এন্ধাৰ নিজান ঘাটত শুনিলো মাথো উচুপনি, পানীযুঁৱলিতো যেন তোমাৰেই প্ৰতিধ্বনি !! তোমাৰ দুচকুৰ দোকোলটকা বানক কোনে নাম দিলে চকুলো ?? কি থাকে চকুলোত ? প্ৰচণ্ড বতাহতো বিধস্ত হৈ নপৰা প্ৰচণ্ড বিশ্বাস আস্থা, ভাল পোৱাৰ একোখন জাহাজ, নাবিক তাৰ এবুকু আবেগ !!
ঐ০০০০০, টোপনি গ’লা ? তোমাৰ দুচকুৰ জীয়া জুৰিত সৌখন টুলুংভুটুং নাওঁ, নাৱৰীয়াবিহীন ৷ খিৰিকীখন খুলি ৰাখিছো ৷ টেবুলত তোমাক বিচাৰি কবিয়ে পাত পাত কৰা শব্দ- বৰ্ণৰ কোলাহলত কামিজটো খুলি ৰাখিছো ৷ কামিজটোৰ গাতে হাচনাহানা, চেনি চম্পা, খৰিকাজাঁইৰ সুগন্ধবোৰে জিৰাইছে৷ সময় পালেই সিঁ লম এপাহি দুপাহিকৈ ০০০ তোমাৰ বুকুত গুজিবলৈ ০০৷ বাৰাণ্ডাতে বহি আছো ৷ সুগন্ধি বতাহ এছাটিয়ে গালে মুখে চুমা দিছে ৷ কাইলৈ পুৱাই সুগন্ধি কামিজটো এৰি যামগৈ ০০০৷ আহাচোন এধানিমান ০০ কাইলৈৰ পৰা তোমাৰ, মোৰ, আমাৰ স’তে নাথাকিব যে সুঘ্ৰাণ !! আমাৰ কথোপকথনৰ টোপোলাটো ক’ত সামৰি থৈ যাওঁ ?খৰিকাজাঁই , হাচনাহানাৰ আটোলটোল আপডালত ?
তুমি আহিবানে কাইলৈ সন্ধিয়া কথোপকথনৰ টোপোলাটো খুলিবলৈ চিনাকি ঘাটলৈ ? প্ৰেমিক ক’বিয়ে যদি নিপিন্ধে শব্দ – বৰ্ণৰ সুগন্ধি কামিজটো তোমাক কাষতে থৈ ? শুনিছা ! কাইলৈ পুৱাই যামগৈ ৷ তুমিও আহিবা সাঁজি কাচি জিকাফুলীয়া হাঁহি এটা হৈ ০০০ ? “ তোমাৰ স’তে সূৰ্য্যাস্তৰ সন্ধান ০০০” কবিতাটো এৰি আহিছো আধৰুৱাকৈ ! তোমাক বুকুত সাৱটি ল’লে হালধিয়া বেলিৰে কথোপকথনে আঁকিব এখনি নৈ, ঘাটে ঘাটে এখনি নৈ !
ঐ০০০০০, বৰষুণ দিছে ! বৰষুণৰ টোপালবোৰ তোমাৰ চকুলো হৈ সৰিছে ! বৰষুণত আমি খোজ কঢ়াৰ কথা আছিল ? তুমিয়েইটো কৈছিলা বৰষুণ তোমাৰ প্ৰেমিক এতিয়াও! বৰষুণৰ টোপালবোৰে চুলিৰ পৰা নামি সৰীসৃপৰ দৰে বগাই সন্তৰ্পণে ০০০০ আৰু তোমাক সাৱটি শিৰা ধমনীত সোমাই যায় ০০০! চোৱা তোমাৰ দুষ্ট প্ৰেমিক বৰষুণজাক আহিছে ! তুমি টোপনিত লালকাল দিছা ? শুনাচোন মোৰ বুকুত কিহৰ গুণ গুণ ? তুমি গুণ গুনাই থৈ যোৱা জগজিৎ , অৰিজিতৰ গুণ গুণ গীতৰ অলেখ মৌ ! প্ৰেমৰ পাৰাপাৰহীন বিশাল জলৰাশিৰ বুকুত উজাই নাযাওঁ আজি ০০০ জুখি নাচাওঁ বুকুৰ ঢিপ ঢিপ শব্দবোৰ ০০০! খিৰিকীখনো জপাই ৰাখিছো ৷ বৰষুণৰ টোপালবোৰকো খিৰিকীৰ সিপাৰেই জিৰাবলৈ দিছো ৷ “ তুম ৰূহ হ্যে টু কায়া বনু ০০০” তোমাৰ প্ৰিয় গীতৰ আচলত ধৰি টোপনিৰ বাগিচালৈ যোৱাৰ আলচ কৰিছো আৰু সাৰে আছো ০০ কবিতাৰে চুপতিও মৰা নাই ৷ “ জো বীট গই শ্বো বাট গই ০০০ ” হৰিবংশ ৰায় বচ্চন চাহাবৰ সান্নিধ্যৰে তোমাৰ প্ৰেমিক কবিক অপেক্ষাৰ আকুল আহ্বান জনাইছো৷ জিব্ৰানৰ মাতত মাজে মাজে মুৰ তুলিছো “ ০০০ And could you keep your heart in wonder at the daily miracles of your life your pain would not seem less wondrous than your Joy ; ০০০০ ” টোপনিৰ আবেশত জিৰোৱা মুখখনলৈ চাইছো ০০০ ওঠজুৰি তোমাৰ কঁপিছে ০০০ ৷ বোধহয় গুণগুণাইছা —- টু ৰূহ হ্যে টো ম্যে কায়া বনু ০০০! শুকাব ধৰা ঘাঁ এটুকুৰাত হঠাতে স্পৰ্শ কৰিছো ০০ বচ্চন চাহাবে বাৰে বাৰে আঙুলিকেইটা আলফুলে আঁতৰাই নিছে —– জো বীট গই ০০০৷ খিৰিকীখন খুলি দিছো ৷ সুগন্ধি সমদলটোক হেঁপাহভৰাই সাৱটিছো ৷ তুমি শোৱা, কথা দিছিলো তোমাক, দুখৰ দৰিয়াডুবিত নানামো বুলি !
নীলা, শেৱালিৰ পাহিবোৰ সৰিলেই তোমাৰ পদুলি পাবগৈ এখনি নৈ ! চিনাকি ঘাট – পদুলি – সুগন্ধৰে মেটমৰা সপোন সম্ভৱা এখনি নৈ ! তোমাৰ প্ৰেমিক ক’বিকো দেখিবা ৷চৈ দিয়া নাৱৰ অচিনাকি নাৱৰীয়া হৈ ০০০ উঠিবা দেই জিকাফুলীয়া হাঁহি এটা লৈ ! সূৰ্য্যাস্তৰ চিনাকি ঘাটত তুমি মই থাকিম ভালপোৱাৰ স্মাৰক হৈ !

P&C
You might also like