Your Voice, Our Strength

এন চি চিৰ উত্তৰ – পূব মণ্ডলৰ মুৰব্বী পদত ৰামপুৰৰ সুযোগ্য সন্তান ভাস্কৰ কলিতা।

বহুবাকৰ লগতে বিভিন্ন দল-সংগঠনৰ উষ্ম সম্ভাষণ।

আজিৰ খবৰ, জালুকবাৰী, ৭ছেপ্টেম্বৰ: দক্ষিণ কামৰূপৰ মধ্যস্থলত অৱস্থিত ৰামপুৰৰ সুযোগ্য সন্তান ভাস্কৰ কলিতাই ভাৰতীয় সেনাৰ অতি সন্মানীয় তৃতীয় পদমৰ্যদাৰ পদবী মেজৰ জেনেৰেলৰ দৰে গুৰুত্বপূৰ্ণ পদত নতুন দিল্লীৰ সেনাৰ মুখ্য কাৰ্যালয় “সেনা ভৱনত ” কাৰ্যনিৰ্বাহ কৰি থকাৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰণালয়ে মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ শ্বিলংস্থিত উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) হিচাপে নিযুক্তি দিয়াত বৃহত্তৰ অঞ্চলৰ ৰাইজে একেমুখে আদৰণি জনাইছে। নৱনিযুক্ত এ ডি জি মেজৰ জেনেৰেল ভাস্কৰ কলিতাই মেঘালয়ৰ শ্বিলঙত থকা এন চি চিৰ উত্তৰ পূব মণ্ডলৰ মুখ্য কাৰ্যালয়ত ইতিমধ্যে কাৰ্যভাৰ গ্ৰহণ কৰিছে। সন্মানীয় এ ডি জি পদত নিযুক্তি পোৱা ভাস্কৰ কলিতা হৈছে দ্বিতীয়জন অসমীয়া । ৰামপুৰ – সুজনপাৰা নিবাসী অৱসৰী কৰ্মচাৰী প্ৰয়াত হৰিকান্ত কলিতা আৰু অৱসৰী শিক্ষয়িত্ৰী মালতী কলিতাৰ দ্বিতীয় সন্তান ভাস্কৰ কলিতাই সন্মানীয় পদটি পোৱাত ৰাজ্যখনৰ অন্যতম সমন্বয়- সংহতি- ঐক্যতাৰ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ,অসম)ৰ প্ৰধান সম্পাদক তথা সংবাদ-সাহিত্যালোচনী প্ৰভঞ্জনৰ সম্পাদক দীপক শৰ্মাই কয়- “ৰামপুৰৰ সুনাম ভাস্কৰ কলিতাই আনিলে। এজন দক্ষ সেনা বিষয়া হিচাপে দেশখনত তেখেতৰ সুকীয়া নাম আছে। এদিন সেনা বিভাগৰ শীর্ষ পদবী লাভ কৰিব পাৰিব বুলি আমাৰ পৰম বিশ্বাস আছে। ৰামপুৰৰ লগতে অসমৰ নাম দেশত শ্ৰদ্ধাৰ ভাস্কৰ কলিতাই উজ্জ্বলাই তোলক। আমাৰ শুভেচ্ছা, শুভ কামনা, শুভাশীষ,অভিনন্দন আছে।” সেনা বিভাগৰ উত্তৰ – পূৱৰ শীৰ্ষ পদ পোৱা বাবে নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০ মলিনা দেৱী ৰাভা, অসম শিশু সাহিত্য সমাজৰ সহ: সম্পাদক প্ৰদীপ নাৰায়ণ ভট্ট, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি ৰক্ষা সমিতি, অসমৰ সম্পাদক যুগল নাথ, বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি গৌৰীকান্ত নাথ, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৰামপুৰ প্ৰাথমিক সমিতিৰ উপ-সভাপতি জৱাহৰ মেধি, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে একে মুখে উষ্ম সম্ভাষণ জনায়।ক প্ৰতি দল-সংগঠনে ইতিবাচক চিন্তাৰে আগবাঢ়ি যোৱা ভাস্কৰ কলিতাই দেশমাতৃৰ সেৱা আগবঢ়াই থাকক, তেওঁক ঈশ্বৰে শকতি দিয়ক।

 

You might also like