Your Voice, Our Strength

৬৫০ কোটি কৰ্মচাৰীৰ প্ৰাপ্য, চৰকাৰৰ কোনো বদান্যতা নহয়।

প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য কাগজ কলৰ কৰ্মচাৰী সকলৰ পক্ষত কংগ্ৰেছ।

আজিৰ খবৰ, গুৱাহাটী, ৭ ছেপ্টেম্বৰ : ‘‘কাগজ কলৰ কৰ্মচাৰীৰ বাবে ৬৫০ কোটি টকা মোকলাই দিয়াটো কৰ্মচাৰী সকলৰ বাবে চৰকাৰৰ বদান্যতা নহয় । সেয়া তেওঁলোকে পাব লাগিব কাৰণ সেই ধন তেওঁলোকৰ প্ৰাপ্য । জাগীৰোড আৰু কাছাৰৰ পাঁচগ্ৰাম কাগজকলৰ দুৰ্ভগীয়া কৰ্মচাৰীৰ দুৰ্দশা সন্দৰ্ভত সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এইদৰে মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । তেওঁ কয় যে, প্ৰদেশ কংগ্ৰেছ সদায় কাগজ কল দুটাৰ কৰ্মচাৰী সকলৰ পক্ষত আছে । কৰ্মচাৰী সকলক পোন্ধৰ দিনৰ ভিতৰত আৱাস খালি কৰিবলৈ দিয়া নিৰ্দেশক হঠকাৰী, অহংকাৰী সিদ্ধান্ত আৰু ইয়াৰ কোনো যুক্তিসংগত কাৰণ নাই বুলি সাংসদ গৰাকীয়ে অভিহিত কৰে । লগতে তেওঁ কয় চৰকাৰে এই কোম্পানীটো তলাবন্ধ কৰি ৰাখিছে আৰু কাৰোবাৰ ব্যক্তিগত মুনাফা আদায়ৰ স্বাৰ্থত এই বাহবিলাক ব্যক্তিবিশেষৰ হাতত গতোৱাৰ ষড়যন্ত্ৰ কৰিছে । ইফালে অভিযোগ অনুসৰি কোম্পানী খালি কৰাৰ আঁৰৰ কাহিনী হৈছে বাঁহ ৷ অসম চৰকাৰে এই বাঁহ ইথানল জাতীয় উচ্চ চাহিদাযুক্ত আৰু উচ্চ মূল্যৰ সামগ্ৰী তৈয়াৰ কৰাৰ বাবে পঠিওৱাৰ এক অভিসন্ধি ৰচিছে বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে । অন্যহাতে পাঁচগ্ৰামৰ তৈল খাদ কি চুক্তিত ব্যক্তিগত খণ্ডক গতাব খুজিছে সেই কথাও চৰকাৰে স্পষ্ট কৰিব লাগে বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।

You might also like