Your Voice, Our Strength

বিশাল তুলসী গছৰ খুটা দেখিছে নে ?

প্ৰায় ৪০০ বছৰৰ এজোপা বিশাল তুলসী গছৰ খুটা আছে তিতাবৰত । তিতাবৰত ক'ত আছে জানিবলৈ পঢ়ক সবিশেষ.....

 

আজিৰ খবৰ, যোৰহাট, ৭ ছেপ্টেম্বৰ : এবছৰ দুবছৰ নহয় প্ৰায় ৩৫০(চাৰে তিনিশ)বছৰ পুৰণি এডাল প্ৰকাণ্ড তুলসী গছৰ খুঁটা। অসম্ভৱ যেন লগা তিতাবৰত থকা এডাল তুলসী গছৰ খুটা । তুলসী বুলি ক’লে সকলোৱে জানেই যে ইয়াৰ কিমান ঔষধি গুণ আছে । কিন্তু এই সৰু গছজোপাৰ পৰা কেনেকৈ খুটা হ’ব অসম্ভৱ নহয় নে ? ইমান সৰু সৰু অকণমানি গছ জোপানো ইমান প্ৰকাণ্ড হাতেৰে ধৰি শেষ কৰিব নোৱাৰা খুটা হব পাৰেনে ? আপুনি হয়তো ভাবিব পাৰে যে তুলসীৰ ইমান ডাঙৰ খুটা জানো থাকে বা তুলসীৰ গছ জানো ইমান ডাঙৰ হ’ব পাৰে । হয়, থাকে । তুলসীৰ বিভিন্ন প্ৰজাতি আছে । তাৰে এবিধ বৰ প্ৰকাণ্ড গছ হয় । কিছুমান জোপোহা বা সৰু জাতৰ তুলসী হয় । এনে বিশাল তুলসী গছৰ খুটা এডাল তিতাবৰৰ কমলাবাৰী সত্ৰত আছে । প্ৰায় চাৰিশ বছৰ পুৰণি বিশাল তুলশী গছৰ খুঁটা আজিও সংৰক্ষিত হৈ আছে তিতাবৰৰ ঐতিহ‍্যমণ্ডিত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰত। এই পদ্ম তুলশীৰ খুঁটাৰ উপৰিও সত্ৰখনত আজিও সযতনে ৰখা হৈছে আহোম যুগৰ বহু সামগ্ৰী। ১৫৯৫ চনতে মাজুলীত স্থাপন হৈছিল শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ। ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়াত অধিকাংশ যাহযোৱা এই ঐতিহ্যমণ্ডিত সত্ৰখন ১৯৭৫ চনতে উঠি আহিছিল তিতাবৰলৈ। মাজুলীত সত্ৰখন স্থাপন কৰোঁতে ব্যৱহাৰ কৰা বিভিন্ন মূল্যবান কাঠৰ খুঁটা সমূহ প্ৰায়খিনি লৈ অনা হৈছিল তিতাবৰলৈ।

P&C

ইয়াৰ মাজৰে বহু মূল্যবান পদ্ম তুলশী গছৰ এটা প্ৰকাণ্ড খুঁটা আজিও অতি সযতনে ৰখা হৈছে সত্ৰখনত। উল্লেখ্য যে তুলসী গছৰ বৃহৎ খুটা আৰু সৰল গছৰ খুটা বহু বছৰ আগতে কোনো সত্ৰাধিকাৰক সপোনত দেখুৱাইছিল । সেই খুটা নদীৰ পানীত ভাহি অহা বুলি মানুহৰ কথা বতৰাৰ মাজে মাজে প্ৰচলিত হৈ আহিছে আৰু নামঘৰ নিৰ্মাণৰ দিনৰ পৰা এনে তুলসী খুটা এতিয়াও দৃশ্যমান হৈ আছে  । তিতাবৰৰ কমলাবাৰীকে আদি কৰি মাজুলী বৰপেটা বহু কেইখন সত্ৰত আজিও বিশাল বিশাল তুলসী খুটা থিয় হৈ আছে । তিতাবৰ কমলাবাৰী সত্ৰৰ বুঢ়া ভকত সোনাৰাম চুতীয়াই জনোৱা মতে সত্ৰ নামঘৰত খুটা হিচাপে ব্যৱহাৰ কৰা এই পদ্ম তুলশী গছ দেখিবলৈ একেবাৰেই বিৰল তথা দুস্পাপ্ৰ‍্য। তিতাবৰ কমলাবাৰী সত্ৰত বৰ্তমানেও সযতনে ৰখা হৈছে তুলসী গছৰ খুটা আৰু আহোম ৰজাই সত্ৰখনলৈ আগবঢ়োৱা তামৰ ফলি, হিংখাপৰ চোলাৰ লগতে দুবাৰকৈ মানৰ আক্ৰমণৰ কবলত পৰাৰ সময়ত সত্ৰখনত থাকি যোৱা মান যাঠি আজিও আছে সত্ৰখনত । একেদৰে, মহাপুৰুষ মাধবদেৱে নিজহাতে লিখা সাচিপাঁতৰ কীৰ্ত্তন পুথিৰ উপৰিও বহু মূল্যবান ঐতিহাসিক সামগ্ৰী এতিয়াও সযতনে ৰাখিছে শ্ৰীশ্ৰী কমলাবাৰী সত্ৰত।

You might also like