Your Voice, Our Strength

অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক কেবিনেট পদমৰ্যাদাসহ পুনৰ এমট্ৰনৰ অধ্যক্ষ পদত নিযুক্তি।

আজিৰ খবৰ, গুৱাহাটী, ৮ ছেপ্টেম্বৰ : পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ দলৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে ৰাজ্যপাল প্ৰদত্ত এক আদেশ যোগে ৭ ছেপ্টেম্বৰত অসম ইলেট্ৰনিক্স দেৱলপমেণ্ট কৰ্পৰেচন লিমিটেড চমুকৈ এমট্ৰনৰ অধ্যক্ষ পদত নিযুক্তি দিছে । বিভাগৰ সচিব ৰুবি শৰ্মাই জাৰি কৰা আদেশটোত বিধায়ক কলিতাক কেবিনেট পদমৰ্যাদা প্ৰদান কৰাৰ লগতে পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰি যাবলৈ কোৱা হৈছে । উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হিচাপে পৰিচিত ৰমেন্দ্ৰ নাৰায়ণ কলিতা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আমোলতো এমট্ৰনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । কিন্ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বিধি অনুসৰি নিৰ্বাচনী অধিসূচনা ঘোষণাৰ পাছতেই তেওঁ পদত্যাগ কৰিছিল । অৱশ্যে অধ্যক্ষ হৈ থকাৰ সময়ত তেওঁ তদানীন্তন বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ সহযোগত এমট্ৰনৰ প্রশাসনিক আৰু বিত্তীয় দিশত বহুখিনী সংস্কাৰ সাধন কৰিবলৈ সক্ষম হৈছিল ।

P&C
You might also like