Your Voice, Our Strength

গুৱাহাটীক চুলাইমুক্ত কৰাৰ লক্ষ্যৰে আৱকাৰী বিভাগৰ ধাৰাবাহিক অভিযান ; দহজনক গ্ৰেপ্তাৰ।

আজিৰ খবৰ, গুৱাহাটী, ৮ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীক চুলাই মদ মুক্ত কৰাৰ লক্ষ্যৰে আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে বিগত সময়চোৱাত চুলাই মদৰ উপৰিও দেশী – বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে । আনহাতে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী চক্ৰই যৌথভাৱে কালি সন্ধিয়াৰ পৰা নিশালৈ আৰু আজি দিনৰ ভাগত অবৈধ সুৰাৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলায় । আৱকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষীৰ বেটেলিয়ান গেট , লখৰা ,পাটৰকুছি , উলুবাৰী কছাৰীবস্তি , ভঙাগড় , বিৰুৱাৰী , দিছপুৰ কছাৰীবস্তি , ফটাশিল আমবাৰী , ভূতনাথ , আঠগাঁও , উজান বজাৰ আদিত চলোৱা অভিযানত ৭০০ লিটাৰৰো অধিক চুলাই মদৰ লগতে মহিলাসহ মুঠ দহজন বিক্ৰেতাক হাতে লোট ধৰি গ্ৰেপ্তাৰ কৰা হয় । অভিযান কালত উলুবাৰী কছাৰীবস্তিত ৰঙিয়াৰ পৰা চুলাই মদ অনা অৱস্থাত এ এছ০১ এম এ ০৬৩৮ নম্বৰৰ এখন বিলাসী চুইফট ডিজায়াৰ বাহন জব্দ কৰা হয় । আনহাতে গ্ৰেপ্তাৰ কৰা দহজনৰ জনৰ বিৰুদ্ধে অসম আৱকাৰী আইন ৫৩ ( ১ ) ক- ৰ অধীনত গোচৰ ৰজু কৰি আজি বিয়লি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে আটাইকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

P&C
You might also like