Your Voice, Our Strength

নিমাতীঘাটত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ যাত্ৰীৰ তালিকা প্ৰকাশ কৰি উলিয়াইছে যোৰহাট প্ৰশাসনে।

আজিৰ খবৰ, যোৰহাট, ৯ ছেপ্টেম্বৰ : নিমাতীঘাটত বুধবাৰে সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাত ফেৰীত থকা যাত্ৰী সকলৰ এখন তালিকা প্ৰকাশ কৰি উলিয়াইছে যোৰহাট জিলা প্ৰশাসনে । যোৰহাট জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি, এই দুৰ্ঘটনাত এগৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে ৭ গৰাকী সন্ধানহীন হৈ আছে ৷ আনহাতে দুৰ্ঘটনাত পতিত হোৱা প্ৰায় ৮২গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰে ৪৭ গৰাকী লোকৰ এখন তালিকা প্ৰকাশ কৰি উলিয়াইছে ৷ আন আন যাত্ৰীসকলৰ সন্ধানত প্ৰশাসনে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ৷ দুৰ্ঘটনাত নিহত যাত্ৰীগৰাকী গুৱাহাটীৰ পৰিমিতা দাস(৩০ )বুলি জানিব পৰা হৈছে । পৰিমিতাৰ ঘৰ গুৱাহাটীৰ কাহিলীপাৰাত ৷ মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী প্ৰৱক্তা হিচাপে কৰ্মৰত আছিল পৰিমিতা । ইতিমধ্যে , লুইতৰ বুকুৰ পৰা উদ্ধাৰ কৰা লোকসকলৰ ৮ গৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে । নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হোৱা ব্যক্তিৰ নাম, ফোন নম্বৰ প্ৰেৰণ কৰিবলৈ টোল ফ্ৰী নম্বৰ আৰু দূৰভাষ নম্বৰ মুকলি মাজুলী জিলা প্ৰশাসনৰ টোল ফ্ৰী নম্বৰটো হৈছে- ১০৭৭ আৰু দূৰভাষ নম্বৰটো হৈছে- 7635961522 । এই দুটা নম্বৰত সন্ধানহীন হৈ থকা ব্যক্তিৰ বিষয়ে জনাবলৈ অনুৰোধ জনায় জিলা প্ৰশাসনে ।

P&C
You might also like