Your Voice, Our Strength

শিহৰণকাৰী বর্ণনা :নিমাতিঘাটত ‘ মোৰ চকুৰ সন্মুখতে সকলো ঘটনা ঘটি গ’ল, কিন্তু মই একো কৰিব নোৱাৰিলোঁ ‘।

আজিৰ খবৰ, যোৰহাট, ৯ ছেপ্টেম্বৰ : ভয়াৱহ ফেৰী দুর্ঘটনাত কিদৰে ব্রহ্মপুত্রৰ বুকুত প্ৰাণ হেৰুৱাব লগীয়া হ’ল এগৰাকী প্ৰবক্তাই । কেনেকৈ চকুৰ সন্মুখতে নাওখন ডুব গৈছিল । ফেৰীখনৰ পৰা কিদৰে ব্রহ্মপুত্রৰ বুকুত পৰীমিতা নামৰ প্ৰবক্তা গৰাকী ডুব গৈছিল, শিহৰণকাৰী বর্ণনা কৰিলে পৰিমিতাৰ লগত থকা সহযাত্রী ক্লিডাপ টাৰোপীয়ে৷ ক্লিডাপে জনোৱা মতে ফেৰীখন দুর্ঘটনাত পতিত হোৱাৰ সময়ত পাৰঘাটতে আছিল পৰীমিতাৰ মাতৃ৷ আঠখেলীয়া নামঘৰত কন্যা পৰীমিতা আৰু তেওঁৰ বান্ধৱী ক্লিডাপ টাৰোপীৰ সৈতে বুধবাৰে সেৱা লৈছিল মাতৃয়ে৷ ইয়াৰ পাছতে গুৱাহাটীলৈ উভতি অহাৰ কথা আছিল পৰীমিতাৰ মাতৃ৷ কিন্তু উভতি অহাৰ পূর্বে কন্যা আৰু তেওঁৰ বান্ধৱীক বিদায় জনাবলৈ নিমাতীঘাটলৈ গৈছিল মাতৃগৰাকী৷ সংবাদ মাধ্যমৰ আগত পৰীমিতাৰ মাতৃয়ে এইদৰে কয়– ‘মই সমগ্র ঘটনা নিজ চকুৰেই দেখিছোঁ৷ সিহঁত ফেৰীত উঠাৰ পাছত পৰীমিতাৰ হাতত পানীৰ বটলটো দি মই উভতিবলৈ লৈছিলোঁ৷ ঠিক কেইমুহূর্তমানৰ পাছতে প্রচণ্ড এটা শব্দ শুনি মই ঘূৰি চাই দেখিছিলোঁ তাই যোৱা ফেৰীখনে আনখন ফেৰীত প্রচণ্ড জোৰে খুন্দা মাৰিছে৷ মই চিঞৰি চিঞৰি যাত্রীসকলক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছিলোঁ৷ মোৰ চকুৰ সন্মুখতে সকলো ঘটনা ঘটি গ’ল, কিন্তু মই একো কৰিব নোৱাৰিলোঁ৷ মোৰ সৰুজনী ছোৱালীৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষা থকা বাবে মই তাইক এৰি গুৱাহাটীলৈ যোৱাৰ কথা আছিল৷ কাইলৈৰ পৰা মহাবিদ্যালয়ৰ ক্লাছ কৰিব লাগিব বুলি পৰীমিতাই মোক এৰি মাজুলীলৈ ৰাওনা হৈছিল৷ ৰঙাচাহী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক তথা তেওঁলোকৰ সৈতে থকা ক্লিডাপ টাৰোপীয়ে প্রকাশ কৰা অনুসৰি পাৰঘাটৰ পৰা মাতৃয়ে নাও ডুব যোৱাৰ ঘটনা স্বচক্ষে প্রত্যক্ষ কৰি আছিল৷ কিন্তু অসহায় মাতৃগৰাকীয়ে কন্যাক বচাবলৈ সেই মুহূর্তত কোনো ব্যৱস্থা ল’ব পৰা নাছিল৷ চিঞৰি চিঞৰি পাৰঘাটত থকা আন লোকসকলক নিজৰ কন্যাক বচাবলৈ আহ্বান জনাইছিল যদিও মাতৃৰ সন্মুখতে ব্রহ্মপুত্রৰ বুকুত ডুব গৈ প্রাণ হেৰুৱাবলগীয়া হ’ল অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক পৰীমিতা দাসে৷ কিমান মৰ্মান্তিক আছিল এই দুৰ্ঘটনা । মাজুলীবাসীৰ মৰমক ঢাল কৰি বহু নেতাই নিজৰ সাত পুৰুষলৈকে সম্পত্তি গোটালে। কিন্তু মাজুলীবাসীয়ে পালে কি ? প্ৰতিবাদৰ পাছত প্ৰতিবাদ কৰা হ’ল যদিও আজি পৰ্যন্ত দলং হৈ নুঠিল ।পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোক এখন দলংৰে সংযোজিত কৰিবলৈ কোনো এখন চৰকাৰ সমৰ্থ নহ’ল। যাৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ’ল । বছৰ বছৰ ধৰি ৰাজনীতিবিদ তথা বিভাগীয় কৰ্তৃপক্ষৰ হেতালিৰ বাবেই বুকুৰ আপোনজনক হেৰুৱাবলগীয়া হল । কাৰোবাৰ যদি পুত্ৰ কন্যা, কোনোবাই আকৌ স্বামী পত্নীক হেৰুৱালে। সকলোৰে এতিয়া এটাই দাবী শীঘ্ৰে নদীদ্বীপটোক দুয়োপিনৰ পৰা দলঙেৰে সংযোজিত কৰক আৰু মাজুলীৰ বান সমস্যাৰ এটা স্থায়ী সমাধান উলিয়াওক।

You might also like