Your Voice, Our Strength

নিমাতি ঘাটৰ ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত,মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

আজিৰ খবৰ, যোৰহাট, ৯ ছেপ্টেম্বৰ : বৃহস্পতিবাৰে পুৱা নিমাতীঘাটত উপস্থিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত । বুধবাৰে সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ বুজ লৈ নিমাতীঘাটতে প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ লগত বৈঠকত মিলিত হয় ৷ এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত গ্ৰহণ কৰা কথা সদৰী কৰে ৷ মন্ত্ৰী পাটোৱাৰীয়ে অতি শীঘ্ৰে ইয়াৰ পৰা ৰপেক্স জাহাজ চলোৱাৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত সাংসদ তপন গগৈ উপস্থিত থাকে ৷ ইফালে বুধবাৰে নিশাই ঘটনাস্থলীত উপস্থিত হয় মন্ত্ৰী বিমল বৰা ৷

উল্লেখ্য যে মাজুলীৰ ভৰলুইতৰ বুকুত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান । চৰকাৰী হিচাপত বৰ্তমান মাত্ৰ 2 গৰাকী যাত্ৰী সন্ধানহীন হৈ থকাৰ তথ্য পোৱা গৈছে ৷ কিন্তু এই তথ্য কিমান সঠিক, সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ৷

P&C

You might also like