
বন বিষয়া , সাংস্কৃতিক কর্মী পংকজ কলিতাক আৰোহণ সমাজ – সাংস্কৃতিক সমন্বয় বঁটা প্ৰদান।
আজিৰ খবৰ, গুৱাহাটী, ১০ ছেপ্টেম্বৰ : ৰাজ্যৰ এজন অগ্ৰণী সাংস্কৃতিক কর্মী , আসাম কালচাৰেল মিছনৰ সচিব প্ৰধান , কামৰূপ জিলাৰ হাজো গায়নতোলাত জন্মগ্ৰহণ কৰা আৰু বৰ্তমান গুৱাহাটীৰ মালিগাঁও নিবাসী , ৰাজ্য চৰকাৰৰ শোণিতপুৰ বন সংমণ্ডলত আঞ্চলিক বন বিষয়া হিচাপে কৰ্মৰত পংকজ কলিতাক তেওঁ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ অংশহিচাপে আৰোহণ আৰ্টিষ্ট গীল্ডৰ ফালৰ পৰা “আৰোহণ সমাজ – সাংস্কৃতিক সমন্বয় বঁটাৰে সন্মানিত কৰা হয় । ৮ ছেপ্টেম্বৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মতিথিৰ লগত সংগতি ৰাখি গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত বিয়লি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পংকজ কলিতাক গীল্ডৰ ফালৰ পৰা এই সন্মানীয় বঁটা প্ৰদান কৰা হয় । এই উপলক্ষে গীল্ডৰ সভাপতি দিলীপ নাথৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপক ভৱানী প্ৰসাদ অধিকাৰী , সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাতুল গোস্বামী , গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত ব্ৰহ্ম , সদৌ অসম সাংবাদিক সন্থাৰ মুখ্য সম্পাদক নকুল তালুকদাৰকে ধৰি কেবাজনো বিশিষ্ঠ লোক উপস্থিত থাকে । উল্লেখযোগ্য যে হাজো গায়নতোলাৰ প্ৰয়াত সতীশ কলিতা আৰু মনোমতী কলিতাৰ একমাত্ৰ পুত্ৰ পংকজ কলিতা ছাত্ৰাৱস্থাৰে পৰা সাহিত্য , সামাজিক , সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠনৰ লগত জড়িত হৈ চাকৰিৰ ব্যস্ততাৰ মাজতো সমাজলৈ অৱদান আগবঢ়াই আহিছে । আনকি বিগত ২০২০ বৰ্ষত ক’ভিডৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ সময়ত হাজো অঞ্চলত প্ৰায় এক সপ্তাহ ধৰি দুই শতাধিক দুখীয়া খাটি খোৱা পৰিয়ালক নিজাববীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰি সকলোৰে সমাদৰ লাভ কৰিছিল । আনহাতে এই বঁটা লাভ কৰা বাবে পংকজ কলিতাক হাজোৰ লগতে মালিগাঁও অঞ্চলৰ বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে শুভেচ্ছা জ্ঞাপন কৰিছে ।
