Your Voice, Our Strength

মাজুলীক লৈ উচতনিমূলক আচৰণৰ পৰা বিৰত থাকিবলৈ ভূপেন বৰাক সকীয়নি লক্ষ্য কোঁৱৰৰ।

আজিৰ খবৰ, গুৱাহাটী, ১০ ছেপ্টেম্বৰ : স্বাধীনতাৰ পাছৰে পৰা এক সুদীৰ্ঘ সময় ক্ষমতাত থকা কংগ্ৰেছ দলে মাজুলীৰ সূচল যাতায়তৰ বাবে কেতিয়াও চিন্তাই নকৰিলে । ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে মাজুলীবাসীক উন্নত যাতায়তৰ ব্যৱস্থা কৰাৰ দিশে আগবঢ়াৰ সময়তে কংগ্ৰেছ দলে ৰাইজক বিপথে পৰিচালিত কৰিছে । ৰাইজ আৰু প্ৰশাসন উদ্ধাৰ কার্যত ব্যস্ত হৈ থকা সময়ত কংগ্ৰেছ দলক প্ৰৰোচনামূলক বক্তব্য ৰখাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে ৰাজ্যিক বিজেপিয়ে ৷এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰে কয় যে, “এই দুর্ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক আৰু অনাকাংক্ষিত ৷ মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে জগৰীয়া সকলক উপযুক্ত শান্তি বিহা তথা অতিৰিক্ত মুখ্য সচিব পর্যায়ৰ তদন্ত ঘোষণা কৰিছে ৷

নিমাতীঘাটত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ পাছতে শাসক দল বিজেপি আৰু ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ মাজত আৰম্ভ হৈছে বিভিন্ন অভিযোগ-প্ৰতিঅভিযোগৰ ৰাজনীতি ৷ ইয়াৰ মাজতে শুকুৰবাৰে সংবাদমেল যোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সকীয়নি প্ৰদান কৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বই ।যি সময়ত শাসক-বিৰোধী সকলোৱে একত্ৰিতভাৱে ৰাইজৰ মাজত ঠিয় হোৱাটো এক সুস্থ গণতান্ত্ৰিক পৰম্পৰা তেনেসময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ উচতনিমূলক আচৰণ আৰু বক্তব্য গৰিহণা যোগ্য বুলি মন্তব্য কৰিছে মুখপাত্ৰ লক্ষ্য কোঁৱৰে ৷

 

P&C
You might also like