Your Voice, Our Strength

গুৱাহাটীত নৈশ বাছ চালক , পৰিচালক , হেণ্ডিমেন , যাত্ৰীৰ মাজত পথ সজাগতা কাৰ্যসূচী।

আজিৰ খবৰ, গুৱাহাটী, ১০ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষা সজাগতাৰ বাবে জিলা পৰিবহণ বিষয়া সকলক জনোৱা আহ্বান আৰু এইক্ষেত্ৰত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া নিৰ্দেশনাৰ আধাৰত গুৱাহাটীৰ বেতকুছিস্থিত পৰিবহণ বিভাগৰ অধীনৰ চালক – পৰিচালক প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ ( প্ৰৱৰ্তক ) কার্যলয়ে বিগত দিনকেইটাত সকলোৱে যাতে যান বাহন আইন মানি পথত বাহন চলায় তাৰবাবে বিভিন্ন সজাগতা মূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । ইয়াৰ অংশহিচাপে ৯ ছেপ্টেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ বেতকুছিস্থিত ৰূপনাথ ব্ৰহ্ম আন্তঃৰাজ্যিক বাছ আস্থান চৌহদত ( আই এছ বি টি ) নৈশ বাছ চালকৰ চালক , পৰিচালক , হেণ্ডিমেনৰ লগতে যাত্ৰী সকলৰ মাজত এক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

P&C

কাৰ্যসূচীত ভাগ লৈ চালক – পৰিচালক প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ আৰু জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসে কয় বৰ্তমান চৰকাৰে ক”ভিডৰ সংক্ৰমণ কম হোৱা বাবে ১০০ শতাংশ আসনৰে আন্তঃ জিলা আৰু আন্তঃৰাজ্যিক যাতায়ত খুলি দিছে । দিনতকৈ যিহেতু নিশাৰ গাড়ীচালনা বহু প্ৰত্যাহ্বান মূলক হয় সেইবাবে চালক সকলে ৰাজপথত তীব্ৰবেগ পৰিহাৰ কৰি , পথৰ নীতি নিৰ্দেশনা মানি চলি বাহন চলাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা দুৰ্ঘটনামুক্ত অসম গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সকলোকে হাতে কামে নামি পৰিবলৈ হিমাংশু কুমাৰ দাসে উপস্থিত সকলোকে আহ্বান জনায় । প্ৰায় ৫০ জনৰো অধিক চালক , পৰিচালক আৰু হেণ্ডিমেনে ভাগ লোৱা কাৰ্যসূচীত আই এছ বি টিৰ উপ অধীক্ষক জয়ন্ত বৰা , মহানগৰ আৰক্ষীৰ পশ্চিম গুৱাহাটী সংমণ্ডলৰ যানবাহন পৰিদৰ্শক জীৱন দাস , মহানগৰ জিলাৰ কেবাজনো যানবাহন পৰিদৰ্শক , প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক উপস্থিত থাকে । কাৰ্যসূচীৰ অন্তত নৈশ বাছত যাত্ৰা আৰম্ভ কৰা যাত্ৰী সকলৰ মাজত পথ সুৰক্ষা বিষয়ক গোহাঁৰি পত্ৰ বিতৰণ কৰা হয় ।

You might also like