Your Voice, Our Strength

ৰাজ্যিক বিজেপিৰ নৱ গঠিত বিষয়ববীয়াৰ প্ৰথমখন বৈঠক সম্পন্ন।

দলক সর্বব্যাপী আৰু সৰ্বম্পশ কৰাৰ সিদ্ধান্ত ।

আজিৰ খবৰ, গুৱাহাটী, ১১ ছেপ্তেম্বৰ : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দেশবাসীৰ প্রতি জনােৱা আহ্বান “সকা সাথ, সৱকা বিকাশ, সৱকা বিশ্বাস আৰু সৰকা প্রয়াস”ৰ বিষয়ে উল্লেখ কৰি দলীয় কার্যকর্তা সকলক ৰাষ্ট্ৰ নিৰ্মাণৰ কামত নিজকে উৎসর্গিত কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা পার্টি

ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। কলিতা দলৰ সভাপতি হিচাপে নির্বাচিত হােৱাৰ পিছত আজি গুৱাহাটীৰ আমিনগাওঁস্থিত লােক নির্মাণ বিভাগৰ অতিথিশালাত নৱ গঠিত ৰাজ্যিক বিষয়ববীয়াৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্রদান কৰা ভাষণত ৰাজ্যিক সভাপতি গৰাকীয়ে ওপৰত উল্লেখ কৰাৰ দৰে সকলাে কার্যকর্তাক উদাত্ত কণ্ঠৰে আহ্বান জনাই লগতে কয়- ভাৰতীয় জনতা পার্টি

P&C

সৱল আৰু শক্তিশালী হৈ থাকিলেহে অসমত অসমীয়াৰ অস্তিত্ব সুৰক্ষিত হৈ থাকিব। আজি অনুষ্ঠিত বিষয়ববীয়া সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল, কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, উত্তৰ পূবৰ সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামােল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শর্মা, ৰাজ্যিক সাধাৰণ সম্পাদকত্রয় সাংসদ পল্লৱ লােচন দাস,পুলক গােহাঁই আৰু দ্বিপ্লুৰঞ্জন শর্মা, সাংসদ তথা মুখ্য মুখপাত্র কামাখ্যা প্রসাদ তাচাকে ধৰি দলৰ সকলাে মৰ্চাৰ সভাপতি তথা অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে। বিষয়ববীয়াৰ বৈঠক অন্ত পৰাৰ পিছত দলৰ বিভিন্ন সাংগঠনিক জিলাৰ নৱ নিযুক্ত প্রভাৰী আৰু সহ প্রভাৰীসকলৰ সৈতেও ৰাজ্যিক নেতৃত্বৰ এক বৈঠক অনুষ্ঠিত হয়।

দলৰ ৰাজ্যিক বিষয়ববীয়া সকলৰ এই বৈঠকত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, জনগণে প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ কৰ্মৰাজি আৰু শক্তিশালী নেতৃত্বৰ প্রতি ইতিমধ্যে গভীৰ আস্থা প্ৰকাশ কৰিছে। এতিয়া দলৰ কাৰ্যকৰ্তাই দেশক কল্যাণকামী আৰু উন্নত কৰি বিশ্ব শক্তি হিচাপে প্রতিষ্ঠা কৰাৰ কাৰণে সর্বোত প্ৰকাৰে প্ৰয়াস কৰিব লাগিব।”আজি অনুষ্ঠিত হােৱা ৰাজ্যিক বিষয়য়বীয়া,

সাংগঠনিক জিলাৰ প্ৰভাৰী, সহ প্রভাৰী সকলৰ বৈঠকে ভাৰতীয় জনতা পার্টিক সর্বব্যাপী আৰু সৰ্বম্পর্শী কৰি তােলাৰ বাবে সংকল্প লয়।উল্লেখযােগ্য যে ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ সভাপতিত্বত আজি অনুষ্ঠিত হােৱা প্ৰথমখন বিষয়য়ববীয়া সভাত সমাগত উপ নির্বাচনৰ লগতে আগন্তুক দিনত দলৰ সাংগঠনিক কামকাজ আগবঢ়াই নিয়াৰ বিষয়ে সবিশেষ আলােচনা কৰা হয়। সমাজ তথা

দেশৰ প্ৰতি প্রত্যেকেই সমর্পিত মনােভাৱেৰে নিজকে ৰাইজ তথা দলৰ স্বাৰ্থত আত্ননিয়ােগ কৰিবৰ বাবে বিশেষ কার্যপন্থা আৰু পৰিকল্পনাৰ বিষয়ে আজিৰ সভাই বিশদভাৱে আলােচনা কৰে।

You might also like