Your Voice, Our Strength

নৱেম্বৰৰ পৰা চুতীয়া ছাত্ৰ সন্থাৰ ধাৰাবাহিক আন্দোলনৰ সিদ্ধান্ত।

চুতীয়া জনগোষ্ঠী উন্নয়নৰ ১২৫ কোটি আজিও মুকলি নকৰিলে চৰকাৰে।

আজিৰ খবৰ, গুৱাহাটী, ১২ ছেপ্টেম্বৰ : কেৱল ভোটৰ স্বাৰ্থতে চুতীয়া জনগোষ্ঠী ভোটাৰক আকৃষ্ট কৰিবলৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল ১২৫ কোটি টকা । কিন্তু বিজেপি চৰকাৰৰ এশদিন অতিক্ৰম কৰাৰ পাছতো এই ধনৰাশি মুকলি নকৰিলে ৰাজ্য চৰকাৰে ।প্ৰতিশ্ৰুতি দিওঁ প্ৰতিশ্ৰুতি পূৰণ নকৰাটো অতি দুভাগ্যজনক বুলি ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰে সভাপতি মহেন বৰাই । গুৱাহাটী বীৰাঙ্গনা সতী সাধনী ভৱনত অনুষ্ঠিত হোৱা চুতীয়া ছাত্র সন্থাৰৰ ১৬ সংখ্যক প্রতিষ্ঠা দিৱসত সাংবাদিকৰ আগত মন্তব্য কৰি সভাপতি মহেন বৰাই কয় চুতীয়া জনগোষ্ঠী উন্নয়নৰ বাবে নিৰ্বাচনৰ প্ৰাকক্ষগত ৰাজ্য চৰকাৰে ১২৫ কোটি টকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেয়া কেৱল মাথোঁ নিৰ্বাচনৰ ললিপপ আছিল । আজি পর্যন্ত এই ধন মুকলি কৰি নিদিয়াত চৰকাৰৰ যে অমনোযোগিতা সেই কথা প্রমাণ প্ৰমাণিত হৈছে । অন্যহাতে ভূমিপূত্র জনগোষ্ঠীটোৰ জনজাতিকৰণৰ প্ৰসংগতো চৰকাৰৰ বর্তমান সময়ত কোনো পদক্ষেপ দেখিবলৈ পোৱা নাই বুলি সভাপতি বৰাই উল্লেখ কৰি প্ৰতিখন চৰকাৰে নিজৰ উদ্দেশ্য সিদ্ধি হোৱাৰ পাছত জনগোষ্ঠীটোৰ সমস্যাসমূহ সদায় সমস্যা হৈয়ে ৰয় বুলি সদৰি কৰে 

। ৰাইজৰ বিশ্বাস আৰু আস্থাক ঢাল হিচাপে ব্যৱহাৰ কৰি বিজেপি চৰকাৰে ২০১৬ চনত গাদী দখল কৰিয়েই মিত্ৰজোঁটৰ চৰকাৰে সেই সময়ৰ মন্ত্রী কেশৱ মহন্তই শদিয়া আৰু অৰুণাচলত থকা জনগোষ্ঠীটোৰ বহু পৌৰাণিক কৃৰ্তিচিহ্ন পৰিদৰ্শন কৰি এই সমলসমূহক সংৰক্ষণ আৰু সৌন্দয্যবর্ধন কৰাৰ আস্বাস প্রদান কৰিছিল যদিও সেই আশ্বাস আজিও আশ্বাসেই হৈ থাকিল বুলি সভাপতি বৰাই উল্লেখ কৰে । আজিও সিঁচৰিত হৈ থকা পৌৰাণিক সম্পদসমূহ সংৰক্ষণৰ বিপৰীতে ক্ৰমান্বয়ে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে চৰকাৰে । স্বাধীনতাই সাতদশক অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ কথা সদৰি কৰি এইসমূহ সম্পদৰ সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰে চুতীয়া ছাত্ৰ সন্থাই । আনহাতে, আজিৰ কাৰ্যনির্বাহকে জনগোষ্ঠীৰ বিভিন্ন সমস্যা তথা জনজাতিকৰণ, উচচ শিক্ষা প্রতিষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণ, স্বায়ত্ব শাসন প্রদান, পৌৰাণিক কৃর্তিচিহ্ন সংৰক্ষণ আদিৰ দাবীৰে অহা নৱেম্বৰৰ পৰা পোনৰ ধাৰাবাহিক আন্দোলন গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বুলি সন্থাৰ সম্পাদক ৰাজু চুতীয়াই সদৰী কৰে। ১৫খন জিলা প্রতিনিধি আৰু কেন্দ্রীয় সদস্যসকলৰ উপস্থিতিত আজি কোভিড নিৰ্দেশনা মানি আজি ১৫ সংখ্যক প্রতিষ্ঠা দিবস পালন কৰে চুতীয়া ছাত্ৰ সন্থাই ।

P&C
You might also like