Your Voice, Our Strength

দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড আৰু মৰা ভৰলুৰ দূষিত পানী পামহী কেনেলত পেলোৱা কাৰ্য বন্ধ কৰাৰ দাবী।

মুখ্যমন্ত্ৰীক ২৫ টাৰো অধিক ৰাজহুৱা সংগঠনৰ স্বাক্ষৰযুক্ত পত্ৰ প্ৰেৰণ পশ্চিম গুৱাহাটী সচেতন নাগৰিক সচেতন মঞ্চৰ।

আজিৰ খবৰ, গুৱাহাটী, ১২ ছেপ্টেম্বৰ : ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা কিছু নিলগৰ পশ্চিম বৰগাঁওৰ বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত ১০ আগষ্টৰ পৰা গুৱাহাটী পৌৰ নিগমে ( জি এম চি ) ৰাষ্ট্রীয় সেউজ ন্যায়ধিকৰণৰ ( এন জি টি ) নিৰ্দেশ উলংঘা কৰি দৈনিক প্ৰায় ৫০০ মেট্ৰিক টন গেলা পঁচা দূষিত আৱৰ্জনা পেলাই দীপৰ বিলৰ পানী প্ৰদূষিত কৰাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ১৬ খনতকৈ অধিক গাঁওৰ পৰিবেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অহা বিষয়টোক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে । আনকি ইয়াক লৈ বিগত কেইদিনত দীপৰ বিলৰ দুয়োপাৰে ক্ৰমে পশ্চিম বৰগাঁও আৰু পামহীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ লগতে সভা অনুষ্ঠিত হৈছে । আনকি অঞ্চলটোৰ ১৬ ,খন গাঁওৰ ৰাইজে ডাম্পিং গ্ৰাউণ্ড উঠাই নিনিলে চন্দ্ৰপুৰৰ দৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে । ইফালে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো এন জি টিৰ নিৰ্দেশ উলংঘা কৰি কোনো কাৰণতে ৰাইজ আৰু দীপৰ বিলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিবলৈ দিয়া নহব বুলি সতৰ্ক কৰি দিছে । দৰকাৰ হলে জি এম চিয়ে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে ১৬ খন ভুক্তভোগী গাঁওৰ ৰাইজক লৈ গঠন কৰা পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ সৈতে বিষয়টো সমাধান সূত্ৰ উলিয়াব লাগে বুলি আহ্বান জনাইছিল । অৱশেষত বিধায়কৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় জি এম চিয়ে মঞ্চক ২৬ আগষ্টত ডাম্পিং গ্ৰাউণ্ড সম্বন্ধে আলোচনাৰ বাবে নিমন্ত্ৰণ জনাইছিল । মঞ্চৰ সভাপতি তৰুণ বৰগোঁহাই , কার্যকৰী সভাপতি সুশীল টেৰণ , সম্পাদক তৰুণ চন্দ্ৰ তালুকদাৰ , সাংগঠনিক সম্পাদক প্ৰমোদ কলিতাৰ নেতৃত্বত যোৱা আঠজনীয়া এটি সঁজাতি দলে জি এম চিৰ পানবজাৰস্থিত মুখ্য কাৰ্যালয়ত আয়ুক্ত দেৱাশীষ শৰ্মাৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকত অতিৰিক্ত আয়ুক্ত পুলক মহন্ত কে ধৰি কেবাজনো বিষয়া – অভিযন্তা উপস্থিত আছিল । আনহাতে বৈঠকত জি এম চিৰ আয়ুক্ত দেৱাশীষ শৰ্মাই মঞ্চৰ সঁজাতি দলটোক ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা পেলোৱা বিষয়টো সমাধানৰ বাবে এক মাহৰ সময়সীমা বিচাৰে আৰু আগন্তুক দিনত বৈজ্ঞানিক পদ্ধতিৰে ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা নিষ্কাশন কৰা হব বুলি বুলি সদৰি কৰে । কিন্ত ইয়াৰ বিপৰীতে মঞ্চৰ সজাতি দলটোৱে কোনো কাৰণতে পশ্চিম বৰাগাঁওৰ বেলৰতলত এন জি টিৰ নীতি নিৰ্দেশনা উলংঘা কৰি ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ দিয়া নহব বুলি জি এম চি কৰ্তৃপক্ষক অৱগত কৰাত আলোচনা আধৰুৱা হৈ ৰয় । অৱশ্যে আগন্তক দিনত দুয়ো পক্ষই সহমতৰে বিষয়টো সমাধানৰ বাবে চেষ্টা চলাব বুলি মত ব্যক্ত কৰে ।

P&C

ইতিমধ্যে সেই সময়সীমাৰ আধা দিন উকলি যোৱাৰ পাছতো জি এম চি কৰ্তৃপক্ষই অনাগত দিনত ডাম্পিং গ্ৰাউণ্ড সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব তাক জানিব পৰা হোৱা নাই । ইফালে দীপৰ বিলৰ সমীপত পুনৰ ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে আৰু এই সিদ্ধান্ত বাতিল কৰাৰ দাবীত মঞ্চই দীপৰ বিলৰ চাৰিওফালে থকা অঞ্চলৰ ২৫ টাৰো অধিক ৰাজহুৱা আৰু সামাজিক – সাংস্কৃতিক সংগঠন , স্বেচ্ছাসেৱী সংগঠন , এন জি অ , ক্লাব আদিয়ে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল কৰা , মৰা ভৰলুৰ দূষিত পানী পামহী কেনেলৰে দীপৰ বিলত পেলোৱা কাৰ্য বন্ধ কৰাৰ দাবীত একেলগে এখন পত্ৰত স্বাক্ষৰ কৰিছিল । সেই ৰাজহুৱা সংগঠনৰ স্বাক্ষৰযুক্ত পত্ৰখন মঞ্চৰ কাৰ্যকৰী সভাপতি সুশীল টেৰণ , সম্পাদক তৰুণ তালুকদাৰ আৰু সহকাৰী সাংগঠনিক সম্পাদক দীপক টেৰাঙে ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীক প্ৰদান কৰে । মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত তেওঁৰ বিশেষ কৰ্তব্যৰত বিষয়াই পত্ৰখন গ্ৰহণ কৰে ।

তেনেদৰে পত্ৰখনৰ প্ৰতিলিপি সিদিনাই অসম চৰকাৰৰ মুখ্য সচিব , গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী , বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী , পশ্চিম গুৱাহাটীৰ বিধায়ক , কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত , জি এম চিৰ আয়ুক্ত , জি এম ডি এৰ মুখ্য কাৰ্যবাহী বিষয়াকো প্ৰদান কৰা হয় । আনহাতে মুখ্যমন্ত্ৰীক প্ৰদান কৰা পত্ৰখনত ডাম্পিং গ্ৰাউণ্ডটোৱে কৰিব পৰা ক্ষয় ক্ষতি আৰু এইক্ষেত্ৰত এন জি টিয়ে দীপৰ বিলৰ পৰিবেশ সংৰক্ষণৰ বাবে দিয়া নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰি তেওঁৰ হস্তক্ষেপ কামনা কৰা হৈছে । আনহাতে উৎপল কুমাৰ দাস , বলেশ্বৰ ৰংপীকে ধৰি মঞ্চৰ কেবাজনো কৰ্মকর্তাই সদৰি কৰা অনুসৰি ডাম্পিং গ্ৰাউণ্ডত পেলোৱা আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধই ইতিমধ্যে বৃহত্তৰ অঞ্চলটোৰ আকাশ বতাহ চানি ধৰিছে । বিশেষকৈ বিয়লিৰ পাছত বতাহ বলিলে দেউছটাল , পামহী , মইনাখোৰোং , আদি অঞ্চলৰ লোক নাকত ৰুমাল অঞ্চলটোত চলা ফিৰা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

You might also like