Your Voice, Our Strength

সাংবাদিক তাজউদ্দীন আহমেদক লক্ষী দত্ত সোঁৱৰণী স্মাৰক বঁটা প্ৰদান তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ।

আজি সম্পন্ন হয় তিতাবৰ মহকুমা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন ।চক্ৰসেন গগৈ সভাপতি ইউচুফ আলি সম্পাদক ৰূপেলৈ নতুন সন্থাৰ তিতাবৰ মহকুমা সমিতি গঠন ।

আজিৰ খবৰ, যোৰহাট, ১২ ছেপ্টেম্বৰ : আজি তিতাবৰত সম্পন্ন হয় তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ মহকুমা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন । অধিবেশনৰ লগত সংগতি ৰাখি তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাই সাংবাদিক তাজউদ্দীন আহমেদক প্ৰয়াত সাংবাদিক লক্ষী দত্ত সোঁৱৰণী স্মাৰক বঁটা প্ৰদান কৰে । ৰাজ্যৰ সকলো স্তৰৰ সাংবাদিক, সংবাদকৰ্মীৰ মৌলিক সমস্যা শোষণ নিষ্পেষণ তথা নীগ্ৰহৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাবে মাত মাতি অহা ৰাজ্যৰ অন্যতম বৃহৎ সাংবাদিক সংগঠন গ্ৰাম্য সাংবাদিক সন্থাৰ তিতাবৰ মহকুমা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন আজি সন্থাৰ ষ্টেচন তিনি আলিৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। অধিবেশনৰ আৰম্ভণি পূৰ্বে গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যালয় লীলাকান্ত বৰুৱা সংবাদ ভৱনৰ ফিটা কাটি শুভ আৰম্ভণি কৰে তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই । দিনৰ এক বজাত অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে তিতাবৰৰ জ্যেষ্ঠ সাংবাদিক বিমান শইকীয়াই। উল্লেখ্য যে সম্পাদক ইউচুফ আলিয়ে আঁত ধৰা সভা খনত এইবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি দুই বছৰৰ মূৰে মূৰে গ্ৰাম্য সাংবাদিক সন্থা তিতাবৰ মহকুমা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশনত তিতাবৰৰ সাহিত্যিক সাংবাদিক প্ৰয়াত লক্ষী দত্ত সোঁৱৰণি স্মাৰক বঁটা প্ৰদানৰ ঘোষণা কৰি প্ৰথম বাৰৰ বঁটা যোৰহাটৰ বিশিষ্ট সাংবাদিক তাজউদ্দীন আহমেক প্ৰদান কৰা হয়। এই বঁটাত চেলেং গামোচা, শৰাই, বঁটা, ফুলৰ থোপা সম্বৰ্ধনা পত্ৰ আৰু নগদ দহ হেজাৰ টকা প্ৰদান কৰা হয়।বঁটাটো গ্ৰাম্য সাংবাদিক সন্থাক আগবঢ়াই তিতাবৰৰ অগ্ৰণী শিক্ষানুষ্ঠান কনচেপ্ট শিক্ষা প্ৰতিষ্ঠানে।ইয়াৰ পাছতে সভাত সাংবাদিকতা জীৱনৰ কৰ্মৰাজিক সন্মান জনায় তিতাবৰৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন শৰ্মা তামুলী, যোৰহাটৰ বিশিষ্ট সাংবাদিক তথা চৰকাৰী পেঞ্চনাৰপ্ৰাপ্ত সাংবাদিক নিৰঞ্জন মহন্তক সম্বৰ্ধনা জনাই। কনচেপ্ট শিক্ষা প্ৰতিষ্ঠান খনৰ সঞ্চালক জিতু কুমাৰ বৰাই এতিয়াৰ পৰা প্ৰতি দুই বছৰৰ মূৰে মূৰে সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনত সন্থাই ৰাজ্যিক ভিত্তিত আগবঢ়োৱা সাংবাদিকক লক্ষী দত্ত সোঁৱৰণি স্মাৰক বঁটা আগবঢ়াই যাব বুলি উল্লেখ কৰে।মুকলি সভাত উপস্থিত থাকি তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই গ্ৰাম্য সাংবাদিক সন্থাৰ তিতাবৰত সাংবাদিকতাৰ মাজত গঢ়ি উঠা পৰিবেশক লৈ সংগঠনটোক প্ৰশংসা কৰি সন্থাৰ তিতাবৰ মহকুমা সমিতিৰ স্থায়ী কাৰ্যালয় গৃহ নিৰ্মাণ কৰি দিয়াৰ ঘোষণা কৰে।সভাত লক্ষী দত্ত সোঁৱৰণি বঁটা প্ৰাপক জ্যেষ্ঠ সাংবাদিক তাজউদ্দীন আহমেডে বঁটা গ্ৰহণ কৰি প্ৰয়াত সাংবাদিক লক্ষী দত্তৰ সাংবাদিকতা জীৱনৰ ওপৰত আলোকপাত কৰে।

P&C

সভাত যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক তথা চৰকাৰী পেঞ্চনাৰপ্ৰাপ্ত সাংবাদিক নিৰঞ্জন মহন্ত তিতাবৰৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন শৰ্মা তামূলীয়ে বক্তব্য আগবঢ়াই। সভাতে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী গ্ৰাম্য সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি অৰুণ শৰ্মাই বক্তব্য আগবঢ়াই। সভাত তিতাবৰ প্ৰাগজ্যোতিকা শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক অচ্যুত দ্বীপ শইকীয়া , নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা গুণাৰাম নাথ, শিক্ষাবিদ দিব্যকমল মজিন্দাৰ আনহাতে পুৱা ৯ বজাত সন্থাৰ পতকা উত্তোলন কৰে সন্থাৰ তিতাবৰ মহকুমা সমিতিৰ সভাপতি প্ৰনৱজ্যোতি কলিতাই আৰু স্মৃতি তৰ্পণ কৰে সন্থাৰ সম্পাদক ইউচুফ আলিয়ে।দিনৰ দহ বজাত সন্থাৰ তিতাবৰ মহকুমাৰ সভাপতি প্ৰনৱজ্যোতি কলিতাৰ সভাপতিত্বত প্ৰতিনিধি সভা খন অনুষ্ঠিত হয় । প্ৰতিনিধি সভা খনত পৰৱৰ্ত্তী দুবছৰৰ গ্ৰাম্য সাংবাদিক সন্থা তিতাবৰ মহকুমাৰ সভাপতি ৰূপে মৰিয়নিৰ চক্ৰসেন গগৈ, মণ্টুছ কোঁৱৰ, তীৰ্থ শইকীয়াক উপ সভাপতি, ইউচুফ আলিক সম্পাদক, চিত্ৰকমল বেজবৰাক সহকাৰী সম্পাদক ৰূপে লৈ সন্থাৰ তিতাবৰ মহকুমা সমিতি খন গঠন হয়।

You might also like