Your Voice, Our Strength

ভাৰতৰ ৩৬ হাজাৰ গাঁৱৰ ভিতৰত অসমৰ ১,৭০০ খন গাঁৱক গঢ়ি তুলিব আদৰ্শ গাঁও।

আজিৰ খবৰ, গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : ভাৰতবৰ্ষৰ ৩৬ হাজাৰ গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিবলৈ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে । এই ৩৬ হাজাৰ গাঁৱৰ ভিতৰত অসমৰ ১,৭০০ খন গাঁৱক আদৰ্শ গাওঁ হিচাপে নিৰ্বাচিত কৰিছে জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে ।এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অৰ্জুন মুণ্ডাই । উল্লেখ্য যে ৫০ শতাংশতকৈও অধিক জনজাতীয় লোকে বাস কৰে অসমত ।

দুদিনীয়া ভ্ৰমণসূচী লৈ দেওবাৰে আহি গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কালি অসমৰ জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে কেনেধৰণে ৰাজ্য চৰকাৰখনে কাম কৰিছে সেই বিষয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ সৈতে এক পৰ্যালোচনা বৈঠকতো মিলিত হৈছিল । এই বিষয়টোত ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি সদৰি কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, অসম চৰকাৰে এই ক্ষেত্ৰত কৰি অহা বিভিন্ন কাম দেখি তেওঁ সন্তোষ প্ৰকাশ কৰিছে । তেওঁ লগতে আৰু কয় যে, জনজাতীয় লোকসকলৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ বাবে আৰু তেওঁলোকৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰী বিপনন কৰাৰ লগতে সিবিলাকৰ উচিত মূল্য যাতে তেওঁলোকে লাভ কৰে তাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছে । ইয়াৰ বাবে সম্প্ৰতি অসমত বিভাগটোৰ ১২৪ টা বন্ধন কেন্দ্ৰ আছে যদিও শীঘ্ৰে ইয়াৰ সংখ্যা বৃদ্ধি কৰি ১৮৪ টা কৰা হ’ব বুলিও অৰ্জুন মুণ্ডাই সংবাদমেলত সদৰী কৰে । এনে প্ৰতিটো কেন্দ্ৰৰ সৈতে প্ৰায় তিনিশ লোক জড়িত হৈ থাকে ।

P&C
You might also like