Your Voice, Our Strength

ৰাজহুৱা স্থানত সুৰাপান কৰা লোকৰ পৰা ১৩ হাজাৰ জৰিমনা সংগ্ৰহ।

তিনিজনক আটক, গুৱাহাটীক চুলাইমুক্ত কৰাৰ লক্ষ্যৰে অভিযান অব্যাহত।

আজিৰ খবৰ , গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰীক চুলাই মদ মুক্ত কৰাৰ লক্ষ্যৰে আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে বিগত সময়চোৱাত চুলাই মদৰ উপৰিও দেশী – বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে । আনহাতে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী চক্ৰই যৌথভাৱে এক অভিযান চলায় । আৱকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি উলুবাৰী কছাৰীবস্তি , ফটাশিল আমবাৰী হৰিজন কলনী , ভূতনাথ , আঠগাঁও , উজান বজাৰ, নাৰিকলবস্তি আৰু জাপৰিগোগ আদিত চলোৱা অভিযানত প্ৰায় ৭০ লিটাৰৰো অধিক চুলাই মদ , ১৩০ টা বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰাৰ কোৱাৰ্টাৰ বটল আৰু ৪ কার্টুন বিয়েৰ জব্দ কৰা হয় । লগতে মহিলাসহ মুঠ তিনিজন বিক্ৰেতাক হাতে লোটে আটক কৰা হয় । আনহাতে অভিযানত ৬ জন সুৰাপায়ীক ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত তেওঁলোকৰ পৰা জৰিমনা হিচাপে ১৩ হাজাৰ টকা সংগ্ৰহ কৰা হয় ।

You might also like