Your Voice, Our Strength

নিমাতিৰ দুৰ্ঘটনাত পতিত ফেৰীখনৰ মালিক পানীৰাম কলিতাক আটক।

আজিৰ খবৰ, যোৰহাট, ১৩ ছেপ্তেম্বৰ: ৰাজ্য জোকাৰি যোৱা নিমাতিৰ নাও দুৰ্ঘটনাৰ উদ্ধাৰ কাৰ্য আৰু অনুসন্ধান অব্যাহত থকাৰ সময়তে আটক কৰিছে দূৰ্ঘটনাপতিত ফেৰী মালিকক । নিমাতি ঘাটত  সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাত পতিত “মা-কমলা” নামৰ ফেৰীখনৰ মালিক পানীৰাম কলিতাক আটক কৰিছে আৰক্ষীয়ে  ৷ সোমবাৰে ডিব্ৰুগড়ৰ হাস্পতালত ভৰ্তি হ’বলৈ গৈ থকা সময়ত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে “মা-কমলা” ফেৰীৰ মালিক পানীৰাম কলিতাক ৷ দেওবাৰে পানীৰাম কলিতাৰ পুত্ৰক নিজা ঘৰৰ পৰা সোধ-পোচৰ বাবে আৰক্ষীয়ে লৈ গৈছিল লগতে “মা কমলা” ফেৰীৰ কৰ্মচাৰী তিনি জনক আটক কৰিছিল ৷ উল্লেখ্য যে, যোৱা ৮ছেপ্তেম্বৰত নিমাতীঘাটত দুখন ফেৰীৰ মাজত হোৱা সংঘৰ্ষত ২ জন নিহত হোৱাৰ লগতে আহত হৈছিল প্ৰায় ৭০ জনৰো অধিক লোক ৷ লগতে বৰ্তমানেও সন্ধানহীন হৈ আছে বিক্ৰমজিৎ বৰুৱা নামৰ লগতে কেইবাজনো লোক ৷ ইফালে নাও দুৰ্ঘটনাৰ  পাছৰে পৰা মা-কমলা” নামৰ ফেৰী খনৰ মালিক পানীৰাম কলিতা পলাতক অৱস্থাত আছিল । অৱশেষত আৰক্ষীয়ে পানীৰাম কলিতাক আজি আটক কৰে ।

 

You might also like