Your Voice, Our Strength

অসম মেঘালয় সীমান্তৰ জিমিৰগাঁওত বজ্ৰপাতত এজনৰ মৃত্যু , তিনিজন আঁহত।

আজিৰ খবৰ, গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : পশ্চিম গুৱাহাটী সমষ্টিৰ অসম মেঘালয় সীমান্তৰ জিমিৰগাঁওত আজি বিয়লি পাতলীয়া বৰষুণ ৰ মাজতে বজ্ৰপাত পৰি পথাৰত গৰু চৰিবলৈ যোৱা এজন চেমনীয়া থিতাতে নিহত হোৱাৰ লগতে আন তিনিজন চেমনীয়া আঁহত হয় । নিহত চেমনীয়াজনক জিমিৰগাঁওৰ দন্দেশ্বৰ ৰাভাৰ পুত্ৰ অশোক ৰাভা (১৫ ) বুলি চিনাক্ত কৰা হৈছে । তেনেদৰে আঁহত চেমনীয়া তিনিজনক ক্ৰমে মনোহৰ ৰাভা ( ১১ ), জয়দেৱ ৰাভা ( ১৩ ) আৰু ৰাতুল ৰাভা (১৪ ) বুলি চিনাক্ত কৰা হৈছে । অৱশ্যে আঁহত তিনিজন চেমনীয়া বাতৰি লিখাৰ পৰলৈকে কিছু নিলগৰ লোহাৰঘাট ৰাজ্যিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু সম্প্ৰতি চিকিৎসকে তিনিওজনকে বিপদমুক্ত বুলি জানিবলৈ দিছে । প্ৰাপ্ত খবৰ মতে বিয়লি প্ৰায় ২ মান বজাত আটাইকেইজন চেমনীয়াই পথাৰত গৰু চৰাই থকাৰ সময়তে গাঁজনী ঢেৰেকনীৰ সৈতে বৰষুণ অহাত আটাইকেইজনে দৌৰি গৈ পথাৰৰ মাজত থকা এটা চালি ঘৰত আশ্ৰয় লয় । কিন্ত ঘৰটোত আশ্ৰয় লোৱা মাত্ৰকে প্ৰচণ্ড শব্দ কৰি বজ্ৰপাত ঘৰটোত পৰে আৰু অশোক ৰাভাই দুৰ্ভাগ্যজনকভাবে মৃত্যুক আঁকোৱালি লয় । ইফালে কিছু সময় পাছত ঘটনাটো বিয়পি পৰাত অঞ্চলটোত হৈ চৈৰ সৃষ্টি হয় । গাঁওবাসীয়ে মৃত অশোক ৰাভাৰ মৃতদেহ নিজ ঘৰলৈ নিয়াৰ বিপৰীতে আঁহত তিনি চেমনীয়াক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে ।

You might also like