Your Voice, Our Strength

ৰাষ্ট্ৰীয় এথলেটিকচত মীট ৰেকৰ্ডৰে গৌৰৱ অৰ্জন অসম সন্তান অম্লান বৰগোঁহাইৰ।

আজিৰ খবৰ,১৬ ছেপ্টেম্বৰ : টেলেংগেনাৰ ওৱাৰেংগেলত অনুস্থিত ৬০ সংখ্যক ৰাষ্ট্ৰীয় মুকলি এথলেটিকচ প্ৰতিযোগিতাৰ ১০০ মিটাৰ দৌৰত ১০.৩৪ চেকেণ্ড সময়েৰে মীট ৰেকৰ্ড সহ ৰূপৰ পদক অৰ্জন কৰে অসম সন্তান অম্লান বৰগোঁহাইয়ে । পিতৃৰ কৰ্মসূত্ৰে হায়দৰাবাদত থকা অম্লানে ভুৱনেশ্বৰৰ ৰিলায়েন্স একাডেমীত প্ৰশিক্ষণ গ্ৰহন কৰি আছে। ১০.৩৪ চেকেণ্ড সময়েৰে মীট ৰেকৰ্ড সহ ৰূপৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয় অম্লান বৰগোঁহাইয়ে । এই প্ৰদৰ্শন অব্যাহত ৰাখিলে আগন্তুক এছিয়ান গেমছ, কমনৱেলথ গেমছ খেলাৰ পূৰ্ণ সম্ভাৱনা আছে সম্ভাৱনাপূৰ্ণ এথলেটিকচত  অম্লান বৰগোঁহাইৰ । ভৱিষ্যতে সোণৰ পদক আশা কৰিছে খেলুৱৈ গৰাকীয়ে ।

P&C
You might also like