Your Voice, Our Strength

চৰকাৰী সম্পত্তি ব্যক্তিকৰণৰ বিৰুদ্ধে ৰেলৱে সদৰ কাৰ্যালয়ত এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ অৱস্থান ধৰ্মঘট।

আজিৰ খবৰ, গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : ভাৰতীয় ৰেলৱেৰ শ্ৰমিক কৰ্মচাৰীৰ অধিকাৰৰ হকে মাত মাতি অহা অগ্ৰণী ট্ৰেড ইউনিয়ন “নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছ” চমুকৈ এন এফ আই আৰএ ৰেলৱেকে ধৰি দেশৰ চৰকাৰী সম্পত্তি সমূহ ব্যক্তিগতকৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । আনহাতে এন এফ আই আৰৰ আহ্বান মৰ্মে দেশৰ আন আন ৰেল মণ্ডলৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱেতো আজি এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নে মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টাযোৰা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে । দিনৰ ১১.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ পালন কৰা ধৰ্মঘটৰ কাৰ্যসূচীত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ যুটীয়া সাধাৰণ সম্পাদক ত্ৰিদীপ মজুমদাৰ , সহকাৰী সম্পাদক প্ৰকাশ বৰ্মন , সাংগঠনিক সম্পাদকদ্বয় প্রণীতা মজুমদাৰ আৰু সীমা খানকে ধৰি কেবাজনো নেতা – নেত্ৰীয়ে ভাগ লয় । আনহাতে কাৰ্যসূচীত ভাগ লোৱা সকলোৱে কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা আৰু চৰকাৰী সম্পত্তি ব্যক্তিগতকৰণৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি আকাশ বতাহ মুখৰিত কৰি তোলে । আনকি প্ৰতিবাদী কৰ্মচাৰী সকলে কেন্দ্ৰীয় চৰকাৰ হায় হায় , দেশৰ সম্পদ বিক্ৰী কৰাৰ সিদ্ধান্ত বাতিল কৰক , ৰেলৱেক ব্যক্তিগতকৰণ নকৰিব ধ্বনি দিয়ে । আনহাতে ইউনিয়নৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে একে সময়তে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনৰ পাঁচটা সংমণ্ডল আৰু ৫৫ টা শাখা কাৰ্যালয়ৰ উদ্যোগত নিজ নিজ এলেকাত অৱস্থান ধৰ্মঘটৰ পালন কৰা হয় । তেনেদৰে কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু এন এফ আই আঁৰৰ সহকাৰী সম্পাদক মুনীন্দ্ৰ শইকীয়াই সমূহ ৰেল কৰ্মীক ধন্যবাদ জ্ঞাপন কৰিছে ।

P&C
You might also like