Your Voice, Our Strength

খিলঞ্জীয়া নেতাই বাংলাদেশীক পাৰি দিলে ৰঙা দলিছা।

প্ৰব্ৰজন বিৰোধী মঞ্চ আহ্বায়ক উপমন্যু হাজৰিকাৰ গুৰুত্বপূৰ্ণ মন্তব্য ...

আজিৰ খবৰ, গুৱাহাটী ,১৬ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অতি সহজে মিছা কথা কব পাৰে । তেওঁৰ নিচিনা মিছলিয়া নেতা থাকিলে এই ৰাজ্যখন কেনেকৈ উদ্ধাৰ হব ? তেওঁ মাটিৰ দালালক সকীয়নী দিয়ে কিন্তু তেওঁ তাতকৈ ডাঙৰ দালালি কৰিছে, জাতিৰ দালালি কৰিছে বুলি বিস্ফোৰক অভিযোগ তুলিছে প্ৰব্ৰজন বিৰোধী মঞ্চ আহ্বায়ক উপমন্যু হাজৰিকাই । এক প্ৰেছ বিজ্ঞপ্তি যোগেদি হাজৰিকাই কয় যোৱা জুন মাহৰ প্ৰথম ভাগত ছিপাঝাৰৰ ধলপুৰ শিৱ মন্দিৰত উপস্থিত হৈ অসমৰ নৱ-নিৰ্বাচিত মুখ্য মন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ছিপাঝাৰৰ ৭৭৪২০ বিঘা ভূমি যি অবৈধ বাংলাদেশীয়ে ২৫/৩০ বছৰে বেদখল কৰি থৈছে সেই ভূমি সম্পূৰ্ণ বেদখলমুক্ত কৰা হব । সেই ভূমিত খিলঞ্জীয়াক লগত লৈ কৃষি প্ৰকল্প কৰিব, আৰু সেই ঘোষণা মতে কৃষি প্ৰকল্পৰ দায়িত্ব, কেবিনেট মৰ্যদা সহ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক প্ৰদান কৰিলে। তাৰ এমাহৰ পিছত আহিলে ৰাজ্যিক বাজেট, য’ত এই এলেকাত কৃষি প্ৰকল্প (গৰুখুটি কৃষি প্ৰকল্প) ৰূপায়নৰ বাবে ৯.৬০ কোটি টকা প্ৰদান কৰা হ’ল আৰু লগতে ঘোষণা কৰা হ’ল যে ছিপাঝাৰ চৰৰ ৭৭,৪২০ বিঘা ভূমি ইতিমধ্যে বেদখলমুক্ত হ’ল। আনহাতে গৰুখুটিলৈ গৈ পদ্ম হাজৰিকাই ট্ৰেক্টৰ চলাই গৰুখুটি কৃষি প্ৰকল্পক প্ৰচাৰ কৰিলে সম্পূৰ্ণ ৰাজ্যত। আনকি যুৱতীৰ দ্বাৰা ট্ৰেক্টৰো চলাই দেখুৱালে যে যুৱতীকো কৃষি প্ৰকল্পত অন্তৰ্ভূক্ত কৰা হ’ল। উপমন্যু হাজৰিকাই গুৰুত্বপূৰ্ণ কেইবাটাও কথা উল্লেখ কৰিছে । তেওঁ কয়

প্ৰকৃততে আচল ছবি কৰবাতহে আছে । হাজৰিকাই জানিবলৈ দিয়া মতে ১) ঢলপুৰ মন্দিৰৰ ১২০ বিঘা ভূমি বাদ দি ৭৭৪২০ বিঘা ভূমিৰ এক কঠা ভূমিও উচ্ছেদ হোৱা নাই। অৰ্থাৎ বেদখলকাৰী যতেই আছিলে তাতে আছে। কৃষি কাৰ্য্যও কৰি আছে, পশুপালনো কৰি আছে আৰু পৰিয়ালসহ বেদখল কৰা ভূমিতে আছে। ২) ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে ছিপাঝাৰৰ বিধায়ক শ্ৰীযুত পৰমানন্দ ৰাজবংশীয়ে বেদখলকাৰি সকলক আশ্বাস দিছে যে তেওঁলোকক দুবিঘাকৈ ভূমি পট্টা প্ৰদান কৰিব। যাৰ অৰ্থ হল যে বেদখলকাৰী উচ্ছেদ নহয়। ৩) আনফালে যি স্থানত কৃষি প্ৰকল্প কৰিবলৈ গৈ আছে সেয়া হৈছে ভুক্তভোগী খিলঞ্জীয়া লোকসকলৰহে মাটি, য’ত তেওঁলোক আৰু তেওঁলোকৰ পূৰ্ব পুৰুষ সকলে যুগ যুগ ধৰি খেতি কৰি আহিছে। বহুত কম সংখ্যক স্থানীয় লোককহে এই প্ৰকল্পটোত লোৱা হৈছে। ৪) এই স্থানীয় লোকসকলৰ অধিকাংশ ভূমি বেদশলকাৰী বাংলাদেশীৰ কবলত আছে আৰু এতিয়া তেওঁলোকৰ বাচি থকা ভূমিত কৃষি প্ৰকল্প কৰি তেওঁলোকক পুনৰ ভুক্তভোগী কৰিলে, যি প্ৰকল্পত তেওঁলোকৰ অধিকাংশ লোক অংশীদাৰেই নহয়।

P&C

উল্লেখযোগ্য যে এই সম্পূৰ্ণ ভূমিৰ বাবদ স্থানীয় লোকে ২০১৪ চনলৈকে খাজনা দি আছিলে,আৰু বহু দশক যোৰা খেতি আৰু পশু পালন কৰা প্ৰমাণ আছে , যেনে “১৯২৩ চনৰ গ্ৰেজিং ৰচিদ”। লগতে হাজৰিকাই কয় যোৱা ইংৰাজী ৮ ছেপ্টেম্বৰ ২০১১ তাৰিখে চাৰিখন পঞ্চায়তৰ(গৰুখুটি গাওঁ পঞ্চায়ত, সানোৱা গাওঁ পঞ্চায়ত, গনেশ কুঁৱৰী গাওঁ পঞ্চায়ত, বাজানা পথাৰ গাওঁ পঞ্চায়ত ) স্থানীয় লোকে পদ্ম হাজৰিকাক উপৰোক্ত বিষয় আৰু তথ্য সমূহ লৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে। যত তিনিটা দাবী কৰা হৈছে, প্ৰকৃতাৰ্থত চৰকাৰে ৭৭৪২০ বিঘা ভূমি বেদখল মুক্ত কৰক, মুক্ত কৰি তাৰ PGR ভূমি স্থানীয় খিলঞ্জীয়া গো পালকক চমজাই দিয়ক আৰু কৃষি প্ৰকল্পত কেৱল মাত্ৰ এই চাৰিখন পঞ্চায়তৰ স্থানীয় লোককহে অংশীদাৰ কৰক। প্ৰেছ বিজ্ঞপ্তিত উপমন্যু হাজৰিকাই উল্লেখ কৰিছে যে যোৱা তিনিমাহৰ বিভিন্ন ঘটনাবোৰত শ্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে লোৱা খিলঞ্জীয়া বিৰোধী স্থিতি সম্পূৰ্ণভাৱে স্পষ্ট হৈছে। খিলঞ্জীয়াৰ সমৰ্থন ল’বলৈ, ৰাজনৈতিক চমক সৃষ্টি কৰিবলৈ ঢোল-দগৰ বজাই উচ্ছেদ কৰা হ’ব বুলি ঘোষণা কৰে, তাৰ পিছত।

স্থানীয় খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি লৈ চৰকাৰী পৰ্যায়ত উচ্ছেদ হ’ল বুলি মিছাৰ আশ্ৰয় লয়। সেই মিছাক প্ৰশ্ৰয় দিবলৈ গৰুখুটি কৃষি প্ৰকল্প কৰাৰ এখন নাটক ৰচনা কৰিলে বুলি সদৰি কৰে উপমন্যু হাজৰিকাই ।

You might also like