Your Voice, Our Strength

বিশ্বকৰ্মা পূজাৰ জন্ম ৰহস্য জানিলে আপুনিও আচৰিত হ’ব।

বিশ্বকৰ্মা মানেই এখন দলঙৰ প্ৰতিষ্ঠাৰ পূজা । জানেনে কোন খন দলং ?

আজিৰ খবৰ,১৬ ছেপ্টেম্বৰ : প্ৰতিবছৰে কেৱল ১৭ ছেপ্তেম্বৰতেই কিয় বিশ্বকৰ্মা পূজা আয়োজন কৰা হয় জানিবলৈ মন নাযায় নে বাৰু ? হয়,ইয়াৰ এটা ইতিহাস আছে। ইংৰাজ সকল যেতিয়া কলিকতাত বণিজ কৰিবলৈ আহে তেতিয়া হুগলি নদীৰ ইপাৰ সিপাৰ হবলৈ নাৱৰ সহায় লবলগীয়া হৈছিল।বতৰৰ প্ৰতিকূলতাৰ বাবে হওক বা বেছিকৈ বস্তু অনা নিয়া কৰিবলৈ নোৱাৰাৰ বাবে ব‍্যৱসায়ত বাধাৰ সৃষ্টি হৈছিল।ইংৰাজে ভাবিলে যদি হুগলি নদীৰ ওপৰত এখন দলং বনোৱা যায় বেপাৰতো সুবিধা হব লগতে উত্তৰ আৰু দক্ষিণ ভাৰতলৈকো যাবলৈ সুবিধা হব।ভবা মতে কাম।বৃটিছে দলং বনাবলৈ বাৰ্মিংহামৰ পৰা জাহাজেৰে প্ৰকান্ড প্ৰকান্ড লোহাৰ গাৰ্ডাৰ (guarder) ,লোহাৰ ৰেলৰ লাইন আদি অনালে।কলিকতাবাসীৰ বাবে এইয়া সাংঘাতিক কথা আছিল।চৰ্চাৰ মূল বিষয়বস্তু লোহাৰ সামগ্ৰী ।কাৰণ কাঠৰ বাহিৰে সিহতে এনে বস্তু দেখাই নাছিল।মজাৰ বিষয় যে দলংৰ ধাৰণাই নাছিল। লোহাটো দূৰৰে কথা। ইংৰাজৰ লগত দুই ধৰণৰ বনুৱা আছিল।এক বিহাৰী আৰু আনটো বঙালী। তেওঁ লোকেই নাৱৰীয়া আৰু তেওঁলোকই বনুৱা। হুগলি নদীৰ ইপাৰ সিপাৰ কৰোৱা নাৱৰীয়া বনুৱা সকলে জানিব পাৰিলে যে ইয়াতে এখন দলং হব আৰু দলংৰ ওপৰেৰে গাড়ী, ঘোঁৰা, মানুহ সহজতে আহযাহ কৰিব পাৰিব। নাৱৰীয়াৰ কি হব? সিহঁতৰ পেটৰ ভাতমুঠি নাইকিয়া হব।গতিকে গোটেই বনুৱা খিনিয়ে দলং নহবলৈ ইংৰাজৰ ওচৰত প্ৰতিবাদ, অসহযোগ কৰিলে।ইংৰাজ বিমোৰত পৰিল। দলং নহ’ব বুলি জানি ইংৰাজে স্থানীয় মানুহৰ ৰায় ল’লে যে কি কৰিলে দলং বনাবলৈ বনুৱা বোৰ ৰাজী হব।বুধিয়ক ইংৰাজে উপায় উলিয়ালে পূজা পাগল মানুহ খিনিক পূজাৰে কিবা কৰাব পাৰি নেকি?কোনোবা দেৱ-দেৱী আছে নেকি যিয়ে ঘৰ আদি বনায়! জানিলে যে বিশ্ব খনিকৰ বিশ্বকৰ্মা বুলি এগৰাকী দেৱতা আছে।তেওঁ দেৱতা সকলৰহে ঘৰ বনায়। ইংৰাজে এই সুবিধা এৰি নিদি ২/৩খন মান হোটেল বনায় প্ৰচাৰ কৰিলে যে যিয়ে বিশ্বকৰ্মাৰ পূজা কৰিব তেওঁক বিনা পইচাই ভাত খোৱাব।গৰীব দেশ।পূজাও চলিল বিৰোধো বন্ধ হ’ল। হুগলি নদীৰ ওপৰত যিখন দলং বান্ধিছিল সেইখন হাওৰা ব্ৰীজ।হাওৰা ব্ৰীজৰ আধাৰশিলা স্থাপনৰ দিন আছিল ১৭ ছেপ্টেম্বৰ ১৯১৩ চন।প্ৰতিস্থা দিনৰ পৰাই বঙালী, বিহাৰী বনুৱা সকলে বিশ্বকৰ্মাৰ জয়ধ্বনি” হৰিবোল -ৰামবোল” দি কাম আৰম্ভ কৰিলে আৰু বিনা পইচাই পেট ভৰাই খাবলৈও পালে। দলংৰ কামো আৰম্ভ হ’ল। হিন্দু ধৰ্মত তিথি অনুযায়ী পূজা -পাৰ্বণ অনুষ্ঠিত হয় ।কিন্তু বিশ্বকৰ্মা পূজা হয় ইংৰাজে ধৰি দিয়া দিনটোতহে।গতিকে আমি বিশ্বকৰ্মা পূজাতো হাওৰা দলং প্ৰতিস্থা দিবস হিচাপেও পালন কৰাৰ থল আছে।বহুতেই নাজানে গতিকে আমিও বিশ্ব খনিকৰ বিশ্বকৰ্মাক শ্ৰদ্ধা সহকাৰে ১৭ ছেপ্টেম্বৰ দিনটোত অৰ্চনা কৰো ।আচলতে ১৭ছেপ্টেম্বৰ হাওৰা দলংৰ প্ৰতিস্থাৰহে পূজা। এইয়াই বিশ্বকৰ্মা পূজাৰ আৰম্ভণিৰ ইতিহাস।

P&C
You might also like