Your Voice, Our Strength

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ৰাণীত ভেকচিনৰ বিনামূলীয়া টীকা প্ৰদান আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ।

আজিৰ খবৰ, গুৱাহাটী ,২৯ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে বিজেপি দলে পালন কৰি অহা সেৱা আৰু সমৰ্পন দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ সাংসদ কুইন ওজাৰ উদ্যোগত , বিজেপিৰ গুৱাহাটী মহানগৰ জিলা কমিটি আৰু ৰাণী মণ্ডল কমিটিৰ সহযোগত আজি পশ্চিম গুৱাহাটীৰ অসম মেঘালয় সীমান্তৰ তথা সাংসদৰ আদর্শ গাঁও পঞ্চায়ত দক্ষিণ ভোলাগাওঁ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭০৬ নং মৈৰাপুৰ প্ৰাথমিক বিদ্যালয় চৌহদত বিনামূলীয়া টীকা প্ৰদান আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় । শিবিৰটো মুকলি কৰি সাংসদ কুইন ওজাই কয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত বিজেপি দলে কেক কটা নাই বা ফটকা ফুটাই আনন্দ কৰা নাই । বৰঞ্চ যুগদস্তা আৰু বিশ্বত শক্তিশালী ৰূপত ভাৰতক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনটোক বিজেপি দলে দেশজুৰি সেৱা আৰু সমৰ্পন দিৱস হিচাপে পালন কৰি তাৰ লগত সংগতি ৰাখি চাফাই অভিযান , বিনামূলীয়া টীকা প্ৰদান , স্বাস্থ্য পৰীক্ষা শিবিৰ , স্বচ্ছতা সজাগতা , স্বেচ্ছা ৰক্তদান শিবিৰ , মানৱ সেৱামূলক কাৰ্যসূচীহে সম্পাদন কৰি আহিছে ।

P&C

কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকদ্বয় প্ৰশান্ত মহন্ত আৰু অশোক কুমাৰ ভৰালী , ৰাণী মণ্ডল কমিটিৰ সভাপতি হৰকান্ত নাথ , উপ সভাপতি অপূৰ্ব গোস্বামী , ৰাণী ভোলাগাওঁ জিলা পৰিষদৰ সদস্য স্বপ্নালী দাস , ৰামচাৰাণি জিলা পৰিষদৰ সদস্য আৰু বিজেপিৰ মহিলা মৰ্চাৰ ৰাণী মণ্ডল কমিটিৰ সভানেত্ৰী শিখা নাথ চৌধুৰী , সাধাৰণ সম্পাদিকা নিজৰা কলিতা , সম্পাদিকা দীপা দাস , ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া লালৰেমচিআৰি নাগমলাইকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ কেবাজনো বিষয়া – কৰ্মচাৰী উপস্থিত থাকে ।

আনহাতে আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু ৰাণী সামূহিক স্বাস্থ্যকেন্দ্ৰৰ তদাৰকত অনুষ্ঠিত শিবিৰত মহকুমা স্বাস্থ্য বিষয়াদ্বয় ডাঃ গীতা দেৱী আৰু ডাঃ ৰূপালী ফুকন , চিকিৎসক ক্ৰমে ডাঃ ৰূপা শইকীয়া , ডাঃ প্ৰজ্ঞালিকা শৰ্মা , উপৰ্ণা দত্ত , বহুমুখী স্বাস্থ্যকর্মী দিগন্ত কলিতাকে ধৰি তেৰ জনীয়া এটা স্বাস্থ্য কর্মীৰ দলে শতাধিক লোকক ক’ভিড ভেকচিনৰ প্ৰথম আৰু দ্বিতীয় পালি টীকা প্ৰদান কৰাৰ লগতে শিশুকে ধৰি দুই শতাধিক লোকৰ ৰক্তচাপ , চুগাৰ , হৃদযন্ত্ৰকে ধৰি সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰে । চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ দলটোৱে উপস্থিত লোক সকলক ৰোগ সম্বন্ধে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় ।

You might also like