Your Voice, Our Strength

মৈৰাবাৰী আৰক্ষীৰ বৃহৎ সাফল্য।

হত্যা, ড্ৰাগছ সৰবৰাহ, অস্ত্ৰ সৰবৰাহকে ধৰি অপৰাধ জগতৰ সকলো অপৰাধৰ সৈতে জড়ীত দুধৰ্ষ অপৰাধী মনিৰুদ্দিন মৈৰাবাৰী আৰক্ষীৰ গ্ৰেপ্তাৰ ।

মৰিগাঁও আৰক্ষীৰ মুৰৰ কামোৰণী সৃষ্টি কৰা মৈৰাবাৰীৰ দুধৰ্ষ অপৰাধী মনিৰুদ্দিনক গ্ৰেপ্তাৰ কৰে মৈৰাবাৰী আৰক্ষীয়ে ।হত্যা, ড্ৰাগছ সৰবৰাহ, অস্ত্ৰ সৰবৰাহৰ পাছত মনিৰুদ্দিনে এইবাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল ম্যাদ উকলা ঔষধৰ লেবেল সলাই বজাৰত এৰি দি নিৰিহ লোকক হত্যা কৰাৰ।২০২১ ত এক্সপায়েৰ হোৱা আইৰণ চিৰাপত ২০২১ৰ ডিচেম্বৰত মেনিফেকচাৰৰ লেবেল লগাই ৰমৰমীয়া বেহা চলাই আহিছিল মনিৰুদ্দিনে ।বিভিন্ন হস্পিতাল ফাৰ্মাছিয়ে পেলাই দিয়া ম্যাদ উকলা ঔষধ সংগ্ৰহ কৰি মনিৰুদ্দিনে ঘৰতে বহি মেনুফেকচাৰ আৰু এক্সপায়েৰ ডেটৰ লেবেল সলাইছিল বিভিন্ন জনলৈ প্ৰেৰণ কৰি আহিছিল এনে অনপযোগি ঔষধ ।মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত গোপন তথ্যৰ পণ খেদি পলাতক মনিৰুদ্দিনক বিষাক্ত ঔষধ সহ গ্ৰেপ্তাৰ কৰে ।পূৰ্বে মনিৰুদ্দিনৰ বিৰুদ্ধে মৈৰাবাৰী থানাতে পঞ্জীয়ন হৈছিল হত্যা, ড্ৰাগছ সৰবৰাহ, অস্ত্ৰ সৰবৰাহৰ লগতে বহু গোচৰ। ভাৰতীয় দণ্ডবিধি আইন অনুসৰি 1) C/No- 263/16, U/S- 25(1)(a) Arms Act.

2) C/No. 227/15, U/S- 22 NDPS Act.

P&C

3) C/No-08/2018, U/S- 302/201 I.P.C.

4) C/No. 301/19, U/S- 20(B)/22(B) NDPS Act. 1945.

5) C/No. 303/19, U/S- 25(1-A) Arms Actনম্বৰত

গোচৰ ৰুজু হৈ মনিৰুদ্দিন কেবাবাৰো জেল হাজোতলৈ গৈ ওলাই আহি এইবাৰ পুণৰ মানুহৰ জীৱনক লৈ কৰা ভয়ংকৰ ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ হল মনিৰুদ্দিন। এতিয়া এই দুধৰ্ষ অপৰাধী টোৰ শেষ পৰিণতি কি হয় তাকে সকলোৰে দৃষ্টি ।

You might also like