Your Voice, Our Strength

পুনৰ বিপদত বিধায়ক শ্বেৰমান আলী ৷

শ্বেৰমান আলীৰ মন্তব্যত ৰাজ্যজুৰি জুই ।

আজিৰ খবৰ, গুৱাহাটী, ১ অক্টোবৰ : জুইয়ে পোৰা ৮৩ আন্দোলনে যেন পুনৰ জোকাৰিছে ৰাজ্য ।গৰুখুটিৰ ঘটনাক কেন্দ্ৰ কৰি বিধায়কৰ মন্তব্যই উত্তপ্ত কৰিছে ৰাজ্য । ৮৩ আন্দোলনৰ বীৰ শ্বহীদ দয়ানাথ শৰ্মা আৰু আন সকলক ঘাতক আখ্যা দি বিপদত পৰিছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী ৷ ৰাজ্যজুৰি বিধায়ক গৰাকীৰ এই বিতৰ্কিত মন্তব্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইতিমধ্যে , ৰাজ্য চৰকাৰ , সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিছে কংগ্ৰেছী বিধায়ক গৰাকীৰ মন্তব্যত ৷ শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাৰ দাবীত ঠাইয়ে ঠাইয়ে সদৌ অসম ছাত্ৰ সন্থাই দাখিল কৰিছে এজাহাৰ ৷ শেহতীয়াকৈ অসম আন্দোলনৰ পটভূমি মঙলদৈত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই শ্বেৰমান আলীৰ মানসিক বিকৃতি ঘটা বুলি তীৰ্যক মন্তব্য কৰাৰ লগতে কংগ্ৰেছ দলৰ ভাবমূৰ্তিৰ প্ৰতিও প্ৰশ্নৰ উত্থাপন কৰিছে ৷ গৰুখুটিৰ ঘটনাৰ পিছত অসমৰ সামগ্ৰিক পৰিস্থিতি খুবেই স্পৰ্শকাতৰ হৈ পৰা সময়তে শ্বেৰমান আলীৰ দৰে জনপ্ৰতিনিধিৰ এনে মন্তব্যৰ পাছতেই ৰাজনৈতিক দল,বিভিন্ন সংগঠনৰ লগতে সচেতন ৰাইজেও ক্ষোভ উজাৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ।

You might also like