Your Voice, Our Strength

কলিয়াবৰৰ কুঠৰীত নিশা ভয়ংকৰ অগ্নিকাণ্ড।

দিলীপ গুপ্তা নামৰ ব্যক্তিজনৰ হোটেলৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ।

কলিয়াবৰৰ কুঠৰীত নিশা ভয়ংকৰ অগ্নিকাণ্ড। জুইত জাহ গ’ল কেইবাখনো দোকান। কুঠৰী তিনিআলিত সংঘটিত হয় এই ভয়ঙ্কৰ অগ্নিকাণ্ড। দিলীপ গুপ্তা নামৰ ব্যক্তিজনৰ হোটেলৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ। নিশা আঠমান বজাত দোকান বন্ধ কৰি দিলীপ গুপ্তা ঘৰলৈ যোৱাৰ পিছতে সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডটো। জুই লেনিহান শিখাই মুহূৰ্ততে চানি ধৰে অন্য কেইবাখনো দোকান।দ্বীপেন বৰাৰ ষ্টেচনাৰি দোকান,জিনা নামৰ ব্যক্তিজনৰ ফাৰ্মাচী, কুলেধৰ বৰাৰ চাইকেল দোকান নিমিষতে ভস্মিভূত হয় বুলি জানিব পৰা গৈছে।

 

আনহাতে কলিয়াবৰৰ পৰা কুঠৰীলৈ প্ৰায় ৩৫/৪০ কিলোমিটাৰ দুৰন্ত হোৱাত কলিয়াবৰ অগ্নি নিৰ্বাপন বাহিনীৰ লোক ঘটনাস্থলী পোৱাত যথেষ্ট পলম হোৱাত জুয়ে ৰুদ্ৰমতী ধাৰণ কৰি খন্তেকতে সকলো ভস্মীভূত কৰি পেলাই। স্থানীয় ৰাইজে বহু সময় চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বহু পলমকৈ অগ্নি নিৰ্বাপন বাহিনীও উপস্থিত হৈ সহযোগিতা আগবঢ়াই।অৱশ্যে ভয়ংকৰ অগ্নিকাণ্ডত সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই।

P&C
You might also like