Your Voice, Our Strength

কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত তিনিদিনীয়া মাছৰ স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজিত সামগ্ৰী উৎপাদনৰ প্ৰশিক্ষণ।

আজিৰ খবৰ, গুৱাহাটী, ১ অক্টোবৰ: অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত যোৱা  ২৯ চেপ্তেম্বৰ, ২০২১ ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মাছৰ স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজিত সামগ্ৰী উৎপাদনৰ ওপৰত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ কেৰেলাস্থিত কেন্দ্ৰীয় মীন প্ৰযুক্তি সংস্থানৰ (ICAR- CIFT) সহযোগত অনুসূচিত জনজাতিৰ মাছমৰীয়া সকলৰ বাবে এই প্ৰশিক্ষণ অনুস্থিত হয়। প্ৰশিক্ষণৰ উদ্বোধনী অনুস্থানত কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড০ ধীৰেন্দ্ৰ নাথ কলিতা আৰু পশু চিকিৎসা বিজ্ঞানৰ বিষয়বস্তু বিশেষজ্ঞা ড০ ইলাক্ষী ডেকা উপস্থিত থাকে। কৃষি বিজ্ঞান কেন্দ্ৰৰ মীন বিশেষজ্ঞ শ্ৰী পৰাগ শইকীয়া আৰু সামূহিক বিজ্ঞান বিভাগৰ বিশেষজ্ঞা শ্ৰীমতী মধুস্মিতা ডেকাৰ তত্বাৱধানত আয়োজিত এই প্ৰশিক্ষণ অনুস্থানত কামৰূপ জিলাৰ ২১ গৰাকী উদীয়মান পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে। সমল ব্যক্তি হিচাপে ৰহা মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শ্ৰী ইনামআখ্টাৰ হুচেইন, পৰাগ শইকীয়া আৰু মধুস্মিতা ডেকাই মাছৰ স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ আৰু বিভিন্ন মূল্য সংযোজিয সামগ্ৰীৰ উৎপাদনৰ বিভিন্ন দিশৰ ওপৰত বিশদভাৱে আলোকপাত কৰে। ইয়াৰ উপৰিও ব্যৱহাৰিকভাৱে প্ৰশিক্ষাৰ্থী সকলক মাছৰ পৰা আচাৰ, কাটলেট আৰু ফিছ বল আদি সামগ্ৰী হাতে কামে প্ৰস্তুত কৰোৱা হয়, যি বোৰ বহুদিনলৈ সংৰক্ষণ কৰি বজাৰত বিক্ৰী কৰিব পাৰি। প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থী সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।

P&C
You might also like