Your Voice, Our Strength

মিছন বসুন্ধৰা অভিলাসী অভিযানৰ শুভ উদ্ধোদ্ধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

কলাক্ষেত্ৰত আজি শুভ উদ্ধোধন কৰা এই বিলাসী অভিযানৰ জৰিয়তে ভূমি নথি উন্নীতকৰণৰ ক্ষিপ্ৰতাৰে সেৱা আগবঢ়োৱা পাৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

 

ক্ষিপ্ৰতাৰে এই সেৱাত থাকিব

P&C

🔸 উত্তৰাধিকাৰী সূত্ৰে নামজাৰি

🔸দলিল সূত্ৰে নামজাৰি

🔸বিবাদমুক্ত বাটোৱাৰা

🔸একচনীয়া পট্টাৰ ম্যাদিকৰণ

🔸মাটিৰ শ্ৰেণী পৰিৱৰ্তন

🔸ৰাজহ নথিৰ পৰা দখল/ স্বতবিহীন পট্টদাৰৰ নামকৰ্তন

🔸আবন্তিত মাটিৰ ম্যাদিকৰন

🔸ভূমিৰ সংশোধনী ( নাম আৰু মাটিকালীৰ সংশোধন)

🔸ভূমিনথিত পট্টাদাৰৰ মোবাইল নম্বৰ অন্তভুক্তকৰণ

 

মিছন বসুন্ধৰা শুভ উদ্বোধন কৰি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই পংকিলতাৰ পৰা দূৰত থাকি জনসাধাৰণক সেৱা কৰিবলৈ আহ্বান জনাই ৰাজ্যৰ চক্ৰ বিষয়া সকলক ।

জন্ম মৃত্যু প্ৰমাণ পত্ৰ বিচাৰি কাৰ্যালয়লৈ যাব নালাগে ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগক পৰামৰ্শ মুখ্যমন্ত্ৰীৰ ।

 

বৰ্তমান জনসাধাৰণৰ মাজত পৰিৱৰ্তনৰ উদ্গীৰণৰ অৱকাশ আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে

গ্ৰাম্য অঞ্চলত এক চনীয়ামাটি ম্যাদীপট্টা কৰিবলৈ হলে কোনো মাচুল দিব নালাগে বুলি উল্লেখ কৰে ।

 

ইফালে নিজৰ নিজৰ কাৰ্যালয়ত জনসাধাৰণক কি সুবিধা দিব লাগে তাৰ সু ব্যৱস্থা কৰিবলৈ আহ্বান চক্ৰ বিষয়াক ।

 

কাম খিনি কৰোঁতে সন্দেহযুক্ত আৰু বিবাদীত বিষয়ত বেছি গুৰুত্ব নিদিবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

 

কেৱল পৰ্টেলতেই নহয় ৰাইজে পৰ্টেলত আবেদন কৰিব নোৱাৰিলে হাতে হাতে আবেদন লৈ সুবিধা কৰি দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ।

 

৩০ নৱেম্বৰৰ ভিতৰত বসুন্ধৰা পৰ্টেলত আবেদন দাখিল কৰিব পাৰিব ।

 

আবেদনৰ নিষ্পত্তি সময়সীমা হৈছে ১০ মে ।

 

 

 

এইবাৰ প্ৰথমবাৰৰ বাবে খিলঞ্জীয়া ভূমিপুত্ৰই ম্যাদী পট্টা লাভ কৰিব ।

 

শীঘ্ৰে হব নতুন ভূমি আইন প্ৰৱৰ্তন।

 

 

বেয়া মানুহৰ কথা বাদ ভাল মানুহৰ কথা আনন্দৰে কাম কৰিবলৈ আহ্বান ।

 

 

আন্তঃ গাথঁনিৰ বাবে প্ৰতিটো চক্ৰ বিষয়া কাৰ্যালয়ৰ বাবে ১কোটি টকা দিয়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ ।

You might also like