Your Voice, Our Strength

কামাখ্যাগেটত নিশা বিলাসী বাহনত চুলাই মদ সৰবৰাহ কৰা তিনি মহিলাক গ্ৰেপ্তাৰ আৱকাৰীৰ অভিযানকাৰী দলৰ।

আজিৰ খবৰ, গুৱাহাটী , ৩ অক্টোবৰ : আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে বিগত সময়চোৱাত দেশী বিদেশী অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে । আনহাতে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গোপন সূত্ৰৰ পম খেদি গুৱাহাটী সদৰৰ আৱকাৰী পৰিদৰ্শক গোবৰ্ধন ডেকাৰ নেতৃত্বত এটা আৱকাৰী দলে কালি নিশা ৯.৩০ বজাত কামাখ্যাগেটত দীনেশ গোস্বামী পথত এখন বিলাসী বাহনৰ পৰা কৌশলেৰে অনা অৱস্থাত প্ৰায় ৬০০ লিটাৰ চুলাই মদ জব্দ কৰে । অভিযানত বাহন খনৰ চালকজনকে ধৰি মদ সৰবৰাহ কৰা তিনি মহিলাক গ্ৰেপ্তাৰ কৰা হয় । উল্লেখযোগ্য যে ৰঙিয়াৰ কোনো ভিতৰুৱা অঞ্চলৰ পৰা এ এছ০১ বি ই ৫৫২৯ নম্বৰৰ হোণ্ডা ইয়নমডেলৰ বাহন খনত চুলাই মদখিনী গুৱাহাটীলৈ আনি থকা অৱস্থাত কামাখ্যাগেটত আৱকাৰী বিভাগৰ অভিযানকাৰী দলটোৱে আটাইকেইজনকে হাতে লোটে গ্ৰেপ্তাৰ কৰে । আনহাতে গ্ৰেপ্তাৰ কৰা চাৰিওজনৰ বিৰুদ্ধে অসম আৱকাৰী আইন ৫৩ ( ১ ) ক- ৰ অধীনত গোচৰ ৰজু কৰি আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

P&C
You might also like