Your Voice, Our Strength

শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা নিলম্বন কৰাক লৈ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া।

"ভূপেন বৰা বা কংগ্ৰেছ দলে শ্বেৰমান আলীক বহিষ্কাৰ কৰাৰ সাহস গোটাব নোৱাৰিলে"

“বাংলাদেশী মূলৰ ভোটৰ মোহত কংগ্ৰেছ দল অথবা ভূপেন বৰাই শ্বেৰমান আলীক দলৰ পৰা বহিষ্কাৰ কৰিবলৈ সাহস নকৰি নিলম্বনহে কৰিছে”

“ভূপেন বৰা ডাঙৰীয়া বা কংগ্ৰেছ দলে শ্বেৰমান আলীক বহিষ্কাৰ কৰাৰ সাহস গোটাব নোৱাৰিলে”, বিতৰ্কিত মন্তব্য দি গ্ৰেপ্তাৰ বৰণ কৰিব লগা হোৱা বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছ দলে নিলম্বন কৰাৰ বিষয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাই আজি এইদৰে কয় | বিধায়ক শ্বেৰমান আলীয়ে শ্বহীদ সকলৰ ওপৰত বিতৰ্কিত মন্তব্য কৰা বিষয়টোক অক্ষমণীয় অপৰাধ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দলৰ পৰা বহিষ্কাৰ কৰাটোহে তেওঁৰ বাবে উপযুক্ত শাস্তি আছিল | কিন্তু বাগবৰ, জনীয়া অথবা বাংলাদেশী মূলৰ ভোটৰ মোহত কংগ্ৰেছ দল অথবা ভূপেন বৰাই বাংলাদেশী মূলৰ শ্বেৰমান আলীক দলৰ পৰা বহিষ্কাৰ কৰিবলৈ সাহস নকৰি নিলম্বনহে কৰিছে, মন্ত্ৰীগৰাকীয়ে কয় | আনহাতে কিছুদিনৰ আগতে শৰ্মা উপাধিৰ মানুহৰ বিৰুদ্ধে বুকুৰ চোলা খুলি দিয়া ভূপেন বৰাই এতিয়া আলী উপাধিৰ শ্বেৰমান আলীৰ বিৰুদ্ধে চোলা খোলাৰ সাহস গোটাব নোৱাৰিলে | ইয়াক কংগ্ৰেছ দলৰ অসমীয়াৰ প্ৰতি কৰা অসন্মান বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই | যিসময়ত শ্বেৰমান আলী নামৰ বিধায়ক গৰাকীয়ে অসমৰ শ্বহীদ সকলৰ বিৰুদ্ধে বেয়া ভাষাৰে সমালোচনা কৰিবলৈ কুন্ঠাবোধ নকৰে, শ্বহীদ সকলক ডকাইট বুলি মন্তব্য কৰে, তেনে সময়ত ভূপেন বৰাই সেইজন শ্বেৰমান আলীক কঠোৰ শাস্তি প্ৰদান কৰিব নোৱাৰা কথাটোক মন্ত্ৰী পীযুষ হাজৰীকাই কঠোৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ দিয়া বুলি উল্লেখ কৰে | আনহাতে ভৱিষ্যতে যাতে কংগ্ৰেছ দল অথবা ভূপেন বৰাই অসমীয়াই বেয়া পোৱা কাম নকৰে তাৰ বাবেও তেওঁলোকক অনুৰোধ কৰিছে মন্ত্ৰীগৰাকীয়ে |

P&C
You might also like