Your Voice, Our Strength

ৰাষ্ট্ৰীয় ক্ৰীড়া সন্থালৈ নিৰ্বাচিত ক্ৰীড়া সংগঠকক অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা।

আজিৰ খবৰ, গুৱাহাটী, ৫ অক্টোবৰঃ শেহতীয়াকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া সন্থাৰ বিভিন্ন পদত নিৰ্বাচিত হোৱা অসমৰ কেইবাগৰাকীও ক্ৰীড়া সংগঠকক মঙলবাৰে অসম অলিম্পিক সন্থাই সম্বৰ্ধনা জনায়। অসম অলিম্পক সন্থাৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় ভাৰোত্তলন ফেডাৰেশ্বনৰ উপ সভাপতি নিৰ্বাচিত হোৱা অসম ভাৰোত্তোলনত সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামী, সৰ্বভাৰতীয় টেনিছ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য নিৰ্বাচিত হোৱা অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্ত, ভাৰতীয় ফেন্সিং সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য নিৰ্বাচিত হোৱা অসম ফেন্সিং সন্থাৰ সম্পাদক বিপুল শৰ্মা আৰু ভাৰতীয় নেটবল ফেডাৰেশ্বনৰ সহযোগী সম্পাদক নিৰ্বাচিত হোৱা অসম নেটবল সন্থাৰ সম্পাদক বিৰ্জু ৰামক সম্বৰ্ধনা জনায়। অনুষ্ঠানটোত সভাপতিত্ব কৰে সন্থাৰ জেষ্ঠ্য উপ সভাপতি ঋতুবৰণ শৰ্মাই। অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে অনুষ্ঠানটো আঁত ধৰি কয়- বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিছে। খেলুৱৈ আৰু ক্ৰীড়া সংগঠকৰ আঢ়োপুৰুষাৰ্থৰ বাবেই এয়া সম্ভব হৈছে। অনুষ্ঠানত ক্ৰীড়া আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে শেহতীয়াকৈ ডক্টৰেট ডিগ্ৰীৰ সন্মান লাভ কৰা অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণুৰাম নুনিছাক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তপন দাস, উপ-সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, অনুপ চৌধুৰী, প্ৰণয় বৰদলৈ আৰু বক্সিং ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ সচিব হেমন্ত কুমাৰ কলিতা উপস্থিত থাকে। ৰাষ্ট্ৰীয় ক্ৰীড়া সন্থাৰ বিভিন্ন পদত নিৰ্বাচিত হোৱা ব্যক্তিকেইজনৰ লগতে বিষ্ণুৰাম নুনিছাক অসম আৰ্চাৰী সন্থা আৰু টাংচু ড’ সন্থা অসমে সম্বৰ্ধনা জনায়। তদুপৰি কামৰূপ জিলা ভাৰোত্তলন সন্থাই ভৱজ্যোতি গোস্বামীক সম্বৰ্ধনা জনায়।

P&C
You might also like