Your Voice, Our Strength

পুনৰ গ্ৰেপ্তাৰ সুৰাসক্ত ৰাজকন্যা: পোহৰলৈ আহিল সুৰাসক্ত ৰাজকন্যাৰ চিকিৎসাৰ অভিনয়ৰ নাটক।

নাটকৰ লগত জড়িত শীৰ্ষ চিকিৎসকো হ'ব পাৰে গ্ৰেপ্তাৰ ।

আজিৰ খবৰ, গুৱাহাটী, ৬ অক্টোবৰ : চিকিৎসাৰ অভিনয় কৰি ধৰা পৰিল ৰাজকন্যা । অসুস্থতাৰ সুযোগ গ্ৰহণ কৰি চিকিৎস্যা লয়ত ভৰ্তি হোৱা সুৰাসক্ত ৰাজকন্যাৰ নতুন নতুন খবৰে ইটিমধ্যে সকলোকে আচৰিত কৰি তুলিছে । অসুস্থতা বুলি চিকিৎস্যা কৰা ৰাজকন্যাৰ মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনত ধৰা নপৰিল ৰাজকন্যাৰ অসুস্থতা। প্ৰতিবেদনৰ পাছতেই পুনৰ গ্ৰেপ্তাৰ সুৰাসক্ত মডেল ৰাজকন্যা বৰুৱা।আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে ৰাজকন্যাক। ইতিমধ্যে আৰক্ষীয়ে মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদন হাতত লৈ আৰম্ভ কৰিছে তদন্ত। প্ৰতিবেদনত প্ৰকাশ পোৱা মতে আৰক্ষীৰ তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ’ব পৰাকৈ সুস্থ ৰাজকন্যা। ইফালে গ্ৰেপ্তাৰ হ’ব পাৰে জিএনআৰ চিৰ শীৰ্ষ চিকিৎসকো। সুৰাসক্ত মডেল ৰাজকন্যাৰ বিৰুদ্ধে ৩০৮ ধাৰা ৰুজু কৰা হৈছে। উল্লেখ্য যে ৰুজু হোৱা এই নতুন ধাৰা অনুসৰি সাত বছৰ পৰ্যন্ত জেইল হ’ব পাৰে ৰাজকন্যাৰ। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পাছত এতিয়া ৰাজকন্যাৰ বিৰুদ্ধে তৎপৰ হ’বলৈ বাধ্য হৈছে মহানগৰ আৰক্ষী।

You might also like