
আজিৰ খবৰ, গুৱাহাটী, ৬ অক্টোবৰ: ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ উদ্যোগত চলিত বৰ্ষৰ ১১ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৩য় সংখ্যক ৰাষ্ট্ৰীয় মুকলি ৪০০ মিটাৰ দৌৰ চেম্পিয়নশ্বিপ। প্ৰতিযোগিতাখনৰ পৰিপ্ৰেক্ষিতত দেওবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত অসম দলৰ বাছনি শিবিৰ অনুষ্ঠিত হ’য়। ২০ বছৰৰ অনুৰ্ধ ল’ৰা-ছোৱালী, ১৮ বছৰ অনুৰ্ধ্ব ল’ৰা-ছোৱালী, ১৬ বছৰ অনুৰ্ধ্ব ল’ৰা-ছোৱালী শাখাত বহুকেইখন জিলাৰ এথলীটে অংশগ্ৰহন কৰা বাছনি শিবিৰৰ পিছত ৬ গৰাকী খেলুৱৈয়ে যোগ্যতাৰ ভিত্তিতত অসম দললৈ নিৰ্বাচিত হয়। বাছনি হোৱা খেলুৱৈসকল ক্ৰমে লৰাৰ ২০ বছৰ অনুৰ্ধ পল্লৱ গগৈ (শিৱসাগৰ), ছোৱালীৰ ১৬ বছৰ ছোৱালীৰ ৰাশ্না পেগু (মাজুলী ), ইস্মিতা মহাজন(ডিব্ৰুগড়) সংঘামিত্ৰা প’ল( যোৰহাট),১৮ বছৰ অনুৰ্ধ ছোৱালীৰ লখিমতী পেগু (মাজুলী) আৰ ১৮ বছৰ অনুৰ্ধ ছোৱালী দীপশিখা শইকীয়া (ডিব্ৰুগড়)। দলটোৰ প্ৰশিক্ষক-কল্যান বৰ্মন আৰু মেনেজাৰ মীনা ডেকা। ৮ অক্টোবৰত দিল্লীলৈ ৰাওনা হ’ব অসমৰ ৬ জনীয়া দলটো। অসম এথলেটিকছ সংস্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক কুমাৰ ভৰালীয়ে এক প্ৰেছ বিবৃতিযোগে এই কথা জানিবলৈ দিছে।