Your Voice, Our Strength

পূজাৰ বতৰ: আজি মহালয়া ,কিনো এই মহালয়া ? জানক মহালয়াৰ তাৎপৰ্য…

মহালয়াৰ এই বিশেষ দিনটোত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভণিৰ পূৰ্বে চণ্ডীপাঠৰ মাধ্যমেৰ দেৱী দুৰ্গাক আমন্ত্ৰণ জনোৱা হয় ।

আজিৰ খবৰ,৬ অক্টোবৰ : আজি মহালয়া ৷আজি ধৰাৰ বুকুলৈ নামিব দাক্ষায়ণী ৷ সকলো সাজু হৈছে মহিষমৰ্দিনীক আদৰাৰ বাবে ৷ মহালয়াৰ এই বিশেষ দিনটোত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভণিৰ পূৰ্বে চণ্ডীপাঠৰ মাধ্যমেৰ দেৱী দুৰ্গাক আমন্ত্ৰণ জনোৱা হয় । তাৰ পাচৰ পৰাই দবা, শংখ আদিৰ ধ্বনিৰে দেৱী বন্দনাৰে মুখৰ হৈ পৰে সমগ্ৰ দেশ তথা ৰাজ্য ।

দুৰ্গা পূজাক লৈ ইতিমধ্যে আৰম্ভ হৈ গৈছে ব্যাপক প্ৰস্তুতি। পূজাৰ মণ্ডপ সজাৰ পৰা বজাৰত গ্ৰাহক-ব্যৱসায়ীৰ এইকেইদিন ব্যস্ততাৰ শেষনাই। মৃণ্ময় শিল্পীসকলো ব্যস্ত প্ৰতিমাত অন্তিম পৰশ দিয়াত। বুধবাৰে পুৱা ৪ বাজি ৩৫ মিনিটৰ পৰাই আৰম্ভ মহালয়াৰ শুভক্ষণ। মহালয়ৰ দিনৰ পৰাই পিতৃ পক্ষৰ অন্ত পৰি শুভ আৰম্ভ হয় দেবী পক্ষ বা মাতৃ পক্ষৰ। এই শুভ ক্ষণতে পিতৃপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰা হয়। পৰলোকগামী হোৱা পূৰ্ব পুৰুষৰ আত্মাৰ শান্তিৰ কামনা কৰি কৰা হ. তৰ্পণ। যিসকলে পূৰ্বপুৰুষৰ বছৰেকীয়া শ্ৰাদ্ধ াদি কৰিব নোৱাৰে তেওঁলোকৰ বাবে মহালয়াৰ তৰ্পণ হৈছে অতিকে গুৰুত্বপূৰ্ণ অনুষ্ঠান। পিতৃপক্ষত জলদান কৰিলে বাধা-বিঘিনি নাশ হয়, শান্তি আহে আৰু শ্ৰী বৃদ্ধি হয় বুলি বিশ্বাস হয়। প্ৰকৃততে মহালয়া মানে কি ?মহালয়া কথাটো আহিছে মহৎ আলয় পৰা। হিন্দু ধৰ্মত কোৱা হয় পূৰ্বপুৰুষ সকল এই সময়ত পৰলোকৰ পৰা ইহলোকলৈ আহে পানী আৰু পিণ্ড লাভৰ আশাত। প্ৰয়াত পূৰ্বপুৰুষ সকলক এই দিনটোত পানী-পিন্ড প্ৰদান কৰি তৃপ্ত কৰা হয়।

P&C

ইয়াৰ লগত মহাভাৰতৰ কথাও জড়িত আছে ।

মহাভাৰতৰ মতে মৃত্যুৰ পিছত কৰ্ণৰ আত্মা পৰলোক গমনৰ পিছত তেখেতক খাদ্য হিচাপে সোণ – ৰত্ন এইবোৰ দিয়া হৈছিল। কৰ্ণই ইয়াৰ কাৰণ যমৰাজক সুধিলত কৰ্ণক কোৱা হ’ল, কৰ্ণই গোটেই জীৱন সোণ – ৰত্ন দান কৰিছিল। কিন্তু প্ৰয়াত পিতৃৰ কাৰণে কেতিয়াওঁ খাদ্য আৰু পানী দান কৰা নাই। সেইকাৰণে কৰ্ণক খাদ্য হিচাপে সোণ – ৰত্ন দিয়া হৈছে। কৰ্ণই কৰুণ ভাবে ক’লে, তেখেতৰ পিতৃপুৰুষ কোন সেইয়া টো কৰ্ণৰ মৃত্যুৰ এদিন আগতহে জানিব পাৰিছে। তাত কৰ্ণৰ দোষ ক’ত!

যমৰাজে তেতিয়া বুজিলে, সঁচাইটো ইয়াত কৰ্ণৰ কোনো দোষ নাই। এই কাৰণে কৰ্ণক পক্ষকালত পুনৰ মৰ্ত্যলৈ ঘুৰি আহি পিতৃলোকৰ উদ্দেশ্যে অন্ন আৰু পানী প্ৰদান কৰাৰ অনুমতি প্ৰদান কৰাৰ অনুমতি প্ৰদান কৰে। তেতিয়াৰ পৰা এই পক্ষ পিতৃপক্ষ নামে পৰিচিত হয় আৰু সেই তেতিয়াৰ পৰা হিন্দু সকলৰ মাজত অৰ্পণৰ প্ৰথা আৰম্ভ হয়।

পৰলৌকিক ক্ৰিয়া কৰ্মৰ বাবে নিদিষ্ট হোৱা এই তিথিটোত বহুতে শুভ মহালয়া বুলিও কোৱা শুনা যায় । আচলতে শুভ বুলি কব নালগে । শুভ মহালয়া বুলি কব নোৱাৰি । প্ৰিয় জনৰ শ্ৰাদ্ধৰ দিনত কোনোবাই যদি শুভ শ্ৰাদ্ধ বুলি কয় কেনেকুৱা লাগিব বাৰু ! চণ্ডীপাঠ, মহালয়াৰ ঘট স্থাপন আৰু পূজাৰ জড়িয়তেই অনুষ্ঠিত হয় মহালয়া। মহালয়া মানেই দুর্গাপূজাৰ কাউণ্টডাউন আৰম্ভ হৈ যায়। মহালয়াৰ দিনাই মৰ্তবাসীৰ আহ্বানত দেৱী দুৰ্গা মৰ্তলৈ নামি আহিছিল বুলি কোৱা হয় । মহালয়াৰ দিনাৰ পৰাই আৰম্ভ হৈছিল মহিষাসুৰ বধ পৰ্ব। এইবাৰ ১১ অক্টোবৰত ষষ্ঠীৰ পূজাৰ পৰা আৰম্ভ হ’ব দুৰ্গা পূজা। সোমবাৰে বোধনৰে পৰা আৰম্ভ হ’ব দুৰ্গা পূজা। ১২ অক্টোবৰত সপ্তমী, ১৩ অক্টোবৰত অষ্টমী, ১৪ অক্টোবৰত নৱমী আৰু ১৫ অক্টোবৰত দশমী পূজা।

You might also like