Your Voice, Our Strength

প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ তাৰিখ সম্পৰ্কত মুখ্য নিৰ্বাচনী বিষয়াক স্মাৰক পত্ৰ প্ৰদান প্ৰদেশ কংগ্ৰেছৰ।

আজিৰ খবৰ, গুৱাহাটী, ৮ অক্টোবৰ : আগন্তুক ৫ খন বিধান সভাৰ আসনৰ উপ নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ তাৰিখ সম্পৰ্কত অসম চৰকাৰৰ মুখ্য নিৰ্বাচনী বিষয়াক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। কংগ্ৰেছ দলৰ তৰফৰ পৰা দাবী জনাই কোৱা হৈছে যে প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ ১১ অক্টোবৰ তাৰিখে নিৰীক্ষণ কৰাৰ পাছত মাজত চাৰিদিন ৰাখি ১৬ অক্টোবৰ তাৰিখে মনোনয়ন প্ৰত্যাহাৰৰ দিন ধাৰ্য্য কৰাটো কংগ্ৰেছ দলে সমৰ্থন নকৰে । নিৰীক্ষণৰ এদিন পাছতে সচৰাচৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ পৰম্পৰা চলি আহিছে। তেনেক্ষেত্ৰত ৰহস্যজনক ভাৱে ১১ অক্টোবৰৰ সলনি ১৬ অক্টোবৰলৈক্ মাজত চাৰিদিন ৰখাৰ সপক্ষে কোনো চৰকাৰী যুক্তি গ্ৰহণযোগ্য নহয়। সেয়েহে ১৬ অক্টোবৰৰ সলনি ১২ অক্টোবৰ তাৰিখে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ দিন ধাৰ্য্য কৰিবলৈ কংগ্ৰেছ দলৰ তৰফৰ পৰা মুখ্য নিৰ্বাচনী বিষয়াক দাবী জনোৱা হৈছে। স্মাৰক পত্ৰ দিবলৈ যোৱা কংগ্ৰেছ দলৰ প্ৰতিনিধি দলটোত আছিল প্ৰাক্তন সাংসদ তথা দলৰ উপ-সভাপতি দ্বীজেন শৰ্মা, মুখপাত্ৰদ্বয় মেহদী আলম বৰা আৰু ড০ অশ্বিন কুমাৰ মহন্ত আৰু জ্যেষ্ঠ নেতা পৱন শৰ্মা।

You might also like